
ধেমাজি, ২০ এপ্ৰিল (হি.স.)। এনেয়ে বুঢ়ী নাচনী, তাকে আক’ নাতিনীৰ বিয়া ৷ বিহুৰ বতৰতে ধেমাজিৰ মৰিঢল মহাবিদ্যালয়ৰ পৰিয়াললৈ আহিল সুখবৰ ৷ মহাবিদ্যালয়খনক স্বীকৃতি দিয়া হল স্বায়ত্ত্বশাসিত মহাবিদ্যালয়ৰ ময্যদাৰ ৷
এনেয়ে বিহুৰ বতৰ ৷ তাতে এনে এক সন্মানীয় স্বীকৃতি ৷ সেইয়ে এনেহেন আনন্দৰ বতৰত বিহুকে জুৰিলে মহাবিদ্যালয়খনৰ লৈ শিক্ষক শিক্ষয়ত্ৰী, ছাত্ৰ ছাত্ৰীৰ স্হানীয় ৰাইজে ৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এই মহাবিদ্যালয়খনে ইতিমধ্যে শৈক্ষিক আৰু ক্ৰীড়াক্ষেত্ৰত নাম উজলাবলৈ সক্ষম হৈছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা