
ধুবুৰী, ২০ এপ্ৰিল (হি.স.)। ধুবুৰী চহৰৰ ২ নং ৱাৰ্ডত গভীৰ নিশা সশস্ত্ৰ দুৰ্বৃত্তৰ লুট-ৰাজ। চহৰ খনৰ ২ নং ৱাৰ্ড নিৱাসী চন্দ্ৰ সেখৰ দাসৰ আৱাস গৃহত তিনিজনীয়া সশস্ত্ৰ ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি ঘৰৰ আচবাব পত্ৰ তহিলং কৰি বহু মূলীয়া বয়-বস্তু লুট কৰি লৈ যোৱাৰ চেষ্টা। ঘৰ খনৰ গৰাকীক প্ৰাণে মৰাৰ ভাবুকি।
পিচত চন্দ্ৰ সেখৰ দাসে চিঞৰ-বাখৰ কৰাত স্থানীয় ৰাইজ তৎক্ষণাত ঘটনাস্থলীত উপস্থিত হোৱাত সশস্ত্ৰ ডকাইতৰ দলটোৰ দুজন পলাই যায়। ৰাইজে এজনক আটক কৰিবলৈ সক্ষম হয়।
ৰাইজে ধুবুৰী আৰক্ষীক খবৰ কৰাত আৰক্ষীয়ে তৎক্ষণাত ঘটনাস্থলীলৈ আহি আটকাধীন ডকাইত জনক আটক কৰি ধুবুৰী থানালৈ লে আনে।ধৃত ডকাইত জনৰ নাম লাল চান্দ আলী বুলি জানিব পৰা গৈছে।
ঘৰ খনৰ গৰাকী চন্দ্ৰ সেখৰ দাসে কয় যে তিনিজনীয়া ডকাইতৰ দলটোৰ হাতত চোকা অস্ত্ৰ আৰু কাঠৰ বাটাম থকা প্ৰত্যক্ষ কৰিছিল।ৰোহিংগীয়া বা বাংলাদেশী মূলৰ লোকে এনে কাম কৰা বুলি সন্দেহ ৰাইজৰ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা