ৰুণীখাতাৰ উগ্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে জড়িত ২২ গৰাকী লোকক এই পৰ্য্যন্ত গ্ৰেপ্তাৰ আৰক্ষীৰ, অভিযান অব্যাহত
চিৰাং , ২০ এপ্ৰিল (হি.স.)। যোৱা ১৭ এপ্ৰিলৰ দিনা বনবিভাগৰ লোকে আদিবাসী মহিলা সকলক শাৰীৰিক ভাবে প্ৰহাৰ আৰু শ্লীলতাহানি কৰাৰ অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত কেইবাশতাধিক আদিবাসী লোকে প্ৰতিবাদৰ নামত যি
ৰুণীখাতাৰ উগ্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে জড়িত ২২ গৰাকী লোকক এই পৰ্য্যন্ত গ্ৰেপ্তাৰ আৰক্ষীৰ, অভিযান অব্যাহত


চিৰাং , ২০ এপ্ৰিল (হি.স.)। যোৱা ১৭ এপ্ৰিলৰ দিনা বনবিভাগৰ লোকে আদিবাসী মহিলা সকলক শাৰীৰিক ভাবে প্ৰহাৰ আৰু শ্লীলতাহানি কৰাৰ অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্ত ৰুণীখাতা ফৰেষ্ট ৰেঞ্জ কাৰ্যালয়ত কেইবাশতাধিক আদিবাসী লোকে প্ৰতিবাদৰ নামত যি উগ্ৰ হিংসাত্মক কাৰ্যকলাপ কৰাৰ পিছত এক আইন শৃংখলাজনিত পৰিৱেশ সূচনা হৈছিল ।

তাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা, কন্দুৱা গেছ প্ৰয়োগ আৰু শূণ্যলৈ গুলীচালনা কৰিব লগা হৈছিল ।

আগলৈ পৰিস্থিতি যাতে অধিক অৱনমিত নহয় তাৰবাবে প্ৰশাসন ফালৰ পৰা চিৰাং আৰু কোকৰাঝাৰ জিলাত সাময়িক ভাবে ইন্টাৰনেট সেৱা কৰ্তন কৰে লগতে কেন্দ্ৰীয় ৰেপিড এক্সন ফোৰ্চ নিয়োগ কৰে।

আৰক্ষীয়ে অভিযান চলাই ৰুণীখাতাৰ উগ্ৰ প্ৰতিবাদী কাৰ্যসূচীৰ সৈতে জড়িত ২২ গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে আৰু অভিযান এতিয়াও অব্যাহত ৰাখিছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande