
কাছাৰ, ২০ এপ্ৰিল (হি.স.)। কাছাৰৰ লক্ষীপুৰত চাঞ্চল্যকৰ ঘটনা l অসম-মনিপুৰ সীমান্ত জিৰিঘাটৰ ভিতৰছোৱা গাঁৱত ওলাইছে এগৰাকী বৃদ্ধৰ মৃতদেহ l মৃত ব্যক্তি গৰাকীৰ নাম লুকু মিয়া লস্কৰ বুলি চিনাক্ত l তেওঁৰ ঘৰ আটঘৰ গাঁৱত বুলি জানিব পৰা গৈছে l অভিযোগ অনুসৰি, আজি পুৱা এটা বন্ধুকধাৰী দলে বন্দুক ফুটাই লুকুক ঘৰৰ পৰা উঠাই লৈ গৈছিল l
পিছত হাতভৰি ভঙা অৱস্থাত ঘৰৰ পৰা বহু দূৰত এটা পথত উদ্ধাৰ হৈছে তেওঁৰ মৃতদেহ l ইফালে ,খৱৰ পাই জিৰিঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্তত নামিছে যদিও স্পষ্ট হোৱা নাই মানুহ জনৰ মৃত্যুৰ কাৰণ l পুৰণি ভূমি বিবাদক কেন্দ্র কৰি বন্দুকধাৰী দলটোৱে লুকুক হাতভৰি ভাঙি হত্যা কৰাৰ সন্দেহ কৰা হৈছে l
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা