বৰপেটাত আৰক্ষীৰ অভিযানত ১০জন জুৱাৰী গ্ৰেপ্তাৰ
বৰপেটা, ২০ এপ্ৰিল (হি.স.)। আইপিএল জুৱাৰ ঘাটিত পৰিণত হৈছে বৰপেটা। আইপিএল জুৱাৰীৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান । বৰপেটাৰ যোগীৰপামত আৰক্ষীৰ অভিযানত পুণৰ ১০জন জুৱাৰী গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজনক্ৰমে - বাঘবৰৰ আগমন্দিয়া গাঁওৰ আ
বৰপেটাত আৰক্ষীৰ অভিযানত ১০জন জুৱাৰী গ্ৰেপ্তাৰ


বৰপেটা, ২০ এপ্ৰিল (হি.স.)। আইপিএল জুৱাৰ ঘাটিত পৰিণত হৈছে বৰপেটা। আইপিএল জুৱাৰীৰ বিৰুদ্ধে অব্যাহত আছে বৰপেটা আৰক্ষীৰ অভিযান । বৰপেটাৰ যোগীৰপামত আৰক্ষীৰ অভিযানত পুণৰ ১০জন জুৱাৰী গ্ৰেপ্তাৰ । গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইজনক্ৰমে - বাঘবৰৰ আগমন্দিয়া গাঁওৰ আমজাদ আলী, চানিদুল ইছলাম,জুৰান আলি,হায়দৰ আলী,জুলহাস উদ্দিন,মফিদুল ইছলাম,ৰছিদুল ইছলাম,ৰবিয়াল সৰকাৰ, আয়নাল হক আৰু যোগীৰপাম গাঁওৰ নুৰুল হুছেইন।

বৰপেটা হাউলী পথৰ যোগীৰপাম গাওত অৱস্থিত মাৰিয়া গেস্ট হাউছ ত জুৱা খেলি থকা অৱস্থাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জুৱাৰী কেইটাক।

বৰপেটা আৰক্ষীয়ে ১২৮/২৬ কেচ নম্বৰত এটা গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰাৰ পিচতে আদালতে আটাইকেইটা জুৱাৰীক জেললৈ প্ৰেৰণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande