
শ্ৰীভূমি, ২০ এপ্ৰিল (হি.স.)। শ্ৰীভূমি জিলাৰ চুৰাইবাড়ী আৰক্ষীৰ অভিযানত ৩৬ লাখ টকাৰ নিষিদ্ধ কফ চিৰাপ জব্দ কৰা হয় । গোপন সূত্ৰৰ ভিত্তিত আৰক্ষীৰ অভিযানত এখন সন্দেহজনক কণ্টেইনাৰ ট্ৰাক আটক কৰা হৈছিল। তালাচীৰ সময়তে চালকে আন্ধাকাৰৰ সুযোগ লৈ পলাই যায়। আৰক্ষীয়ে ট্ৰাকখনৰ পৰা মুঠ ৩৬০০টা কফ চিৰাপৰ বটল উদ্ধাৰ কৰে।
ঘটনাৰ সৈতে জড়িত এক গোচৰ এনডিপিএছ আইনৰ অধীনত ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে। পলাতক চালকক ধৰিবলৈ অভিযান অব্যাহত আছে।আৰক্ষীয়ে জনায় যে, মাদকৰ বিৰুদ্ধে এনে অভিযান আগলৈও অব্যাহত থাকিব ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা