জম্মু-কাশ্মীৰত কৰ্মৰত শিৱসাগৰৰ বিএছএফ জোৱানৰ অকাল মৃত্যু,চিন্তামণিগড়ত শোকৰ ছাঁ
শিৱসাগৰ, ২০ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰত কৰ্মৰত বিএছএফৰ জোৱানৰ অকাল মৃত্যু। চিন্তামণিগড়ত শোকৰ ছাঁ। ১৮এপ্ৰিল শনিবাৰে কৰ্মৰত অৱস্থাত জম্মু-কাশ্মীৰৰ লাডাখত হৃদৰোগত আক্ৰান্ত হৈ শিৱসাগৰ জিলাৰ ১নং চিন্তামণিগড়ৰ নিবাসী কমল বৰুৱাৰ কনিষ্ঠ পুত্ৰ ৰমেন বৰুৱ
জম্মু-কাশ্মীৰত কৰ্মৰত শিৱসাগৰৰ বিএছএফ জোৱানৰ অকাল মৃত্যু,চিন্তামণিগড়ত শোকৰ ছাঁ


শিৱসাগৰ, ২০ এপ্ৰিল (হি.স.)। জম্মু-কাশ্মীৰত কৰ্মৰত বিএছএফৰ জোৱানৰ অকাল মৃত্যু। চিন্তামণিগড়ত শোকৰ ছাঁ। ১৮এপ্ৰিল শনিবাৰে কৰ্মৰত অৱস্থাত জম্মু-কাশ্মীৰৰ লাডাখত হৃদৰোগত আক্ৰান্ত হৈ শিৱসাগৰ জিলাৰ ১নং চিন্তামণিগড়ৰ নিবাসী কমল বৰুৱাৰ কনিষ্ঠ পুত্ৰ ৰমেন বৰুৱা(৩৫) ৰ পৰলোক প্ৰাপ্তি ঘটে।

অহা ৫মে'ত ঘৰলৈ আহি গৃহ নিৰ্মাণ কৰাৰ কথা আছিল যদিও নিয়তিয়ে হবলৈ নিদিলে। কালিলৈ বিমান যোগে মৃতদেহ বাসগৃহ পোৱাৰ সম্ভাৱনা

আছে। মৃত্যুৰ সময়ত পিতৃ মাতৃ সহ পত্নী আৰু দুজন পুত্ৰক এৰি যায় ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande