
ধুবুৰী, ২০ এপ্ৰিল (হি.স.): ধুবুৰী জিলাৰ গৌৰীপুৰত যোৱা কালি দেওবাৰে বিয়লি এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় । দলঙৰ ৰেলিঙত আৱদ্ধ হৈ পৰে এজন যুৱক। গৌৰীপুৰ - বেগুনতলী সংযোগী পথৰ গদাধৰ নদীৰ ওপৰত থকা দলং খনত এই ঘটনা সংঘটিত হৈছে।
পিছত এছডিআৰএফ বাহিনী আৰু স্থানীয় ৰাইজৰ প্ৰচেষ্টাত সুকলমে উদ্ধাৰ কৰা হয় যুৱক জনক । উদ্ধাৰ হোৱা যুৱক জনক গৌৰীপুৰ আৰক্ষী সমজাই দিয়ে এছডিআৰএফ বাহিনীয়ে । যুৱক জন পৰিচয় আৰু কেনেকৈ দলং খনৰ ৰেলিংত আবদ্ধ হ'ল তাৰ সবিশেষ জানিব পৰা হোৱা নাই।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ