(আপডেট) বৰপেটাৰোডত আৰক্ষীৰ তালাচীৰ সময়ত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ
বৰপেটা, ২০ এপ্ৰিল (হি.স.)। পশ্চিমবংগৰ কলকতাৰ পৰা অবৈধভাবে অসমলৈ সৰবৰাহ হয় নিচাযুক্ত কফ চিৰাপ | বৰপেটাৰোডত আৰক্ষীৰ তালাচীৰ সময়ত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ | নিষিদ্ধ নিচাযুক্ত কফ চিৰাপ সৰবৰাহৰ অভিযোগত এজনক গ্ৰেপ্তাৰ | ধৃত লোকজন বৰপেটাৰোডৰ
(আপডেট) বৰপেটাৰোডত আৰক্ষীৰ তালাচীৰ সময়ত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ


বৰপেটা, ২০ এপ্ৰিল (হি.স.)। পশ্চিমবংগৰ কলকতাৰ পৰা অবৈধভাবে অসমলৈ সৰবৰাহ হয় নিচাযুক্ত কফ চিৰাপ |

বৰপেটাৰোডত আৰক্ষীৰ তালাচীৰ সময়ত জব্দ বৃহৎ পৰিমাণৰ নিষিদ্ধ কফ চিৰাপ | নিষিদ্ধ নিচাযুক্ত কফ চিৰাপ সৰবৰাহৰ অভিযোগত এজনক গ্ৰেপ্তাৰ |

ধৃত লোকজন বৰপেটাৰোডৰ সমীপৰ জাখলিবিল গাঁওৰ দীপাংকৰ সৰকাৰ । দেওবাৰে নিশা বৰপেটাৰোড আৰক্ষীৰ নিয়মীয়া তালাচীৰ সময়ত বৰপেটাৰোডৰ বিএছএনএল অফিচৰ সন্মুখত কফ চিৰাপসহ দীপাংকৰ সৰকাৰক কৰায়ত্ত কৰে আৰক্ষীয়ে ।

অভিযুক্ত দীপাংকৰ সৰকাৰে জানিবলৈ দিয়ামতে কফ চিৰাপসমুহ কলকতাৰ পৰা সৰবৰাহ কৰা হৈছিল |

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande