অমিত শ্বাহৰ বিৰুদ্ধে মালদা হিংসা উচটনি দিয়াৰ ষড়যন্ত্ৰৰ অভিযোগ মমতা বেনাৰ্জীৰ
কলকাতা, ০২ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বৃহস্পতিবাৰে মুৰ্ছিদাবাদ জিলাৰ ছুটিত এখন ৰাজহুৱা সভাত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। কেন্দ্ৰীয় গৃহমন্ত্ৰ
ममता


কলকাতা, ০২ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত বৃহস্পতিবাৰে মুৰ্ছিদাবাদ জিলাৰ ছুটিত এখন ৰাজহুৱা সভাত তৃণমূল কংগ্ৰেছৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ভাৰতীয় জনতা পাৰ্টিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মালদাত হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি কৰা বুলি অভিযোগ উত্থাপন কৰি ভোটাৰক শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়।

তৃণমূল কংগ্ৰেছ প্ৰাৰ্থী ইমানী বিশ্বাসৰ সমৰ্থনত অনুষ্ঠিত এক সভাত ভাষণ দি মমতা বেনাৰ্জীয়ে কয় যে বিজেপিয়ে নিৰ্বাচনত জয়ী হ’বলৈ শক্তি প্ৰয়োগ কৰিব বিচাৰে, কিন্তু ৰাজ্যবাসীয়ে ইয়াক অনুমতি নিদিয়ে। কোনো ধৰণৰ হিংসা বা উচতনিৰ বলি নহ’বলৈ আহ্বান জনায় ।

মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ অশান্তিৰ সমৰ্থন নকৰে বুলি উল্লেখ কৰি ৰাজ্যত শান্তি বজাই ৰখাটো অতি প্ৰয়োজনীয় বুলি উল্লেখ কৰে। শেহতীয়াকৈ মালদাত সংঘটিত ঘটনাৰ কথা উল্লেখ কৰি তেওঁ কয় যে হিংসাৰ বাবে তেওঁৰ দল দায়ী নহয় আৰু ইয়াৰ আঁৰত ৰাজনৈতিক ষড়যন্ত্ৰ হ’ব পাৰে।

মমতা বেনাৰ্জীয়ে অভিযোগ কৰে যে বিজেপি আৰু কেন্দ্ৰীয় চৰকাৰে গণতন্ত্ৰক ভেঙুচালি কৰিবলৈ চেষ্টা কৰিছে। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ), প্ৰৱৰ্তন ব্যৱস্থা আৰু বিশেষ নিবিড় পুনৰীক্ষণ (এছআইআৰ) আদি ব্যৱস্থাৰ জৰিয়তে ৰাজনৈতিক হেঁচা প্ৰয়োগ কৰাৰ প্ৰচেষ্টা চলোৱা হৈছে বুলিও কয়।

ভৱানীপুৰ সমষ্টিত বহু সংখ্যক সংখ্যালঘু আৰু মহিলাকে ধৰি প্ৰায় ৪০ হাজাৰ ভোটাৰৰ নাম তালিকাৰ পৰা আঁতৰোৱা হৈছে বুলি দাবী কৰে।

ভাষণত মুখ্যমন্ত্রী মমতাই ৰাজ্য চৰকাৰৰ আঁচনিসমূহৰ কথাও উল্লেখ কৰি কয় যে কেচা ঘৰক পকা ঘৰলৈ ৰূপান্তৰিত কৰাৰ লগতে প্রতি ঘৰে ঘৰে খোৱাপানী যোগান ধৰাৰ কাম অব্যাহত থাকিব ৷ ইতিমধ্যে এক কোটি পৰিয়ালক পানীৰ ব্যৱস্থা কৰা হৈছে আৰু বাকী পৰিয়ালসমূহলৈও এই সুবিধা সম্প্ৰসাৰিত কৰা হ’ব বুলিও কয় মমতাই।

মমতা বেনাৰ্জীয়ে কয় যে ৰাজ্যৰ ভাষা, সংস্কৃতি, সামাজিক সম্প্ৰীতি ৰক্ষাৰ বাবে তৃণমূল কংগ্ৰেছ একমাত্ৰ বিকল্প ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande