
ডেৰাডুন, ০২ এপ্ৰিল (হি.স.)। জনসংখ্যা নিয়ন্ত্ৰণ আইন সন্দৰ্ভত উত্তৰাখণ্ডত নতুন ৰাজনৈতিক আৰু সামাজিক বিতৰ্কৰ সূচনা হৈছে। গ্ৰীষ্মকালীন ৰাজধানী ভৰণি ছাইনেত বাজেট অধিৱেশনৰ সময়ত ৰুদ্ৰপুৰৰ বিজেপি বিধায়ক শিৱ অৰোৰাই ৰাজ্যত জনসংখ্যা নিয়ন্ত্ৰণ আইন ৰূপায়ণৰ দাবী উত্থাপন কৰে। এই প্ৰস্তাৱে আন একাংশ বিজেপি বিধায়কৰ সমৰ্থন লাভ কৰাৰ বিপৰীতে বিৰোধীয়ে বিৰোধিতা কৰে। মুখ্যমন্ত্রী পুষ্কৰ সিং ধামীয়ে বিষয়টোৰ ওপৰত তাৎক্ষণিক সিদ্ধান্ত লোৱাতকৈ ব্যাপক বৌদ্ধিক বিবেচনাৰ প্রয়োজনীয়তা প্রকাশ কৰে৷
বিধায়ক শিৱ অৰোৰাই ৰাজ্যৰ পৰিৱৰ্তিত জনসংখ্যাৰ গাঁথনিক লৈ সদনত উদ্বেগ প্ৰকাশ কৰি কয় যে জনগাঁথনিৰ ভাৰসাম্যহীনতাই ভৱিষ্যতে এক গুৰুতৰ প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব পাৰে। লগতে তিনিটাতকৈ অধিক সন্তান থকা পৰিয়ালক চৰকাৰী আঁচনিৰ পৰা বঞ্চিত কৰাৰ পৰামৰ্শ আগবঢ়ায়। তেওঁৰ মতে, ইয়াৰ দ্বাৰা ৰাজ্যৰ সম্পদ আৰু বাজেটৰ ওপৰত হেঁচা নিয়ন্ত্ৰিত হ’ব পাৰে। আন বিজেপি বিধায়কসকলেও এই বিষয়ত সমৰ্থন প্ৰকাশ কৰাৰ বিপৰীতে কংগ্ৰেছে ইয়াক ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত বুলি অভিহিত কৰে।
বিধানসভাত জনসংখ্যা নিয়ন্ত্ৰণ আইন প্ৰণয়নৰ দাবীৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছৰ বিধায়ক কাজী মহম্মদ নিজামুদ্দিনে কয় যে বিজেপিয়ে এনে বিষয়ৰ জৰিয়তে এটা বিশেষ শ্ৰেণীক লক্ষ্য কৰি লয়। তেওঁ মন্তব্য কৰে যে এনে বক্তব্যই সংকীৰ্ণ মানসিকতাৰ প্ৰতিফলন ঘটায়। এটা বিশেষ শ্ৰেণীক লক্ষ্য কৰি লোৱা এনে প্ৰস্তাৱক তেওঁ সংকীৰ্ণ মনোভাৱৰ বুলি অভিহিত কৰে।
বিশেষজ্ঞসকলৰ মতে জনসংখ্যা নিয়ন্ত্ৰণ আইনখন এক বহল নীতিগত বিষয়, যাৰ বাবে ৰাজ্য আৰু ৰাষ্ট্ৰীয় দুয়োটা পৰ্যায়তে চৰ্চাৰ প্ৰয়োজন। কৌশলগত বিশেষজ্ঞসকলৰ মতে ৰাজ্য চৰকাৰ যদি এই দিশত আগবাঢ়ি যায় তেন্তে বিধান আৰু নীতিগত পৰ্যায়ত বিশদ প্ৰস্তুতি চলাব লাগিব।
ৰাজনৈতিক বিশ্লেষকসকলে কয় যে যদি উত্তৰাখণ্ড চৰকাৰে এই বিষয়ত কোনো সুনিৰ্দিষ্ট পদক্ষেপ গ্ৰহণ কৰে তেন্তে ইয়াৰ বাবে কেন্দ্ৰীয় নেতৃত্বৰ সন্মতিও প্ৰয়োজন হ’ব পাৰে, যিটো পূৰ্বৰ ইউনিফৰ্ম চিভিল কোডৰ দৰে গোচৰত দেখা গৈছে।
মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে উল্লেখ কৰে যে জনসংখ্যা নিয়ন্ত্ৰণ আইন এখনৰ দাবী বিধায়কগৰাকীৰ ব্যক্তিগত মতামত, যিটো অধ্যক্ষৰ জৰিয়তে চৰকাৰৰ সন্মুখত দাখিল কৰা হৈছে। এই বিষয়ত আৰু অধিক বিস্তৃত মন্থনৰ প্ৰয়োজন। তেওঁ উল্লেখ কৰে যে ৰাজ্যখনৰ জনগাঁথনিগত পৰিৱৰ্তন এটা উল্লেখযোগ্য বিষয়, যিটো বিষয়ৰ ওপৰত চৰকাৰে অধ্যৱসায়ীভাৱে কাম কৰি আছে। উত্তৰাখণ্ডৰ সাংস্কৃতিক পৰিচয় সংৰক্ষণ কৰাটো চৰকাৰৰ বাবে অগ্ৰাধিকাৰ বুলিও তেওঁ স্পষ্ট কৰি দিয়ে আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক শক্তিশালী সাংস্কৃতিক ভেটি নিশ্চিত কৰাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ।
বিজেপিৰ ৰাজ্যিক মিডিয়া প্ৰভাৰী মনবীৰ সিং চৌহানে উল্লেখ কৰে যে দেৱভূমিৰ মূল চৰিত্ৰ ৰক্ষাৰ বাবে ধামি চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ স্পষ্ট কৰি দিয়ে যে উত্তৰাখণ্ডক পশ্চিম বংগৰ দৰে হ’বলৈ দিয়া নহ’ব। জনসংখ্যা নিয়ন্ত্ৰণ আইন সন্দৰ্ভত বিধায়কগৰাকীৰ প্ৰস্তাৱক আদৰণি জনাই তেওঁ কয় যে দলটোৱে এই বিষয়টো গুৰুত্বসহকাৰে বিবেচনা কৰি দেৱভূমিৰ স্বাৰ্থত নিজৰ সংকল্প আগবঢ়াই নিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া