প্ৰধানমন্ত্ৰী মোদীৰ ৩-৪ এপ্ৰিলত চেন্নাই আৰু পুডুচেৰী ভ্ৰমণ, মূল অঞ্চলসমূহত ৰেড জ’ন ঘোষণা
চেন্নাই, ০২ এপ্ৰিল (হি.স.)। চলিত এপ্ৰিল মাহৰ ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ লগে লগে তামিলনাডুৰ ৰাজনৈতিক পৰিৱেশ তুংগত উঠিছে। একেদৰে ৯ এপ্ৰিলত পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফাইল ফটো


চেন্নাই, ০২ এপ্ৰিল (হি.স.)। চলিত এপ্ৰিল মাহৰ ২৩ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ লগে লগে তামিলনাডুৰ ৰাজনৈতিক পৰিৱেশ তুংগত উঠিছে। একেদৰে ৯ এপ্ৰিলত পুডুচেৰীত নিৰ্বাচন অনুষ্ঠিত হ’ব। ইয়াৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ৩ আৰু ৪ এপ্ৰিলত চেন্নাই আৰু পুডুচেৰী ভ্ৰমণ কৰি ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত প্ৰচাৰ চলাব ।

প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত চেন্নাই চহৰত নিৰাপত্তা কটকটীয়া কৰা হৈছে। কেইবাটাও চৰকাৰী অনুষ্ঠান আৰু নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। চেন্নাই বিমানবন্দৰৰ পৰা আৰম্ভ কৰি তেওঁৰ বাসগৃহ, ৰাজভৱন, আৰু তেওঁৰ ভ্ৰমণ পথৰ সকলো অঞ্চলকে কঠোৰ নিৰাপত্তাৰক্ষীৰ অধীনত ৰখা হৈছে। চেন্নাই চহৰ আৰক্ষীয়ে সশস্ত্ৰ বাহিনী আৰু বিশেষ ইউনিটকে ধৰি ৩ হাজাৰৰো অধিক আৰক্ষী জোৱানক নিৰাপত্তাৰ কৰ্তব্যৰ বাবে নিয়োগ কৰিছে। চেন্নাই বিমানবন্দৰ আৰু গুইণ্ডিৰ ৰাজভৱনক ৰেড জ’ন হিচাপে ঘোষণা কৰা হৈছে। এই অঞ্চলসমূহত ড্ৰ’ন বা যিকোনো মানৱবিহীন বিমান উৰুওৱাৰ নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰীৰ পথ আৰু থকাৰ ব্যৱস্থাৰ কাষত পাঁচটা স্তৰৰ নিৰাপত্তা ব্যৱস্থা স্থাপন কৰা হৈছে। ৰে’ল ষ্টেচন আৰু হোটেলত স্নীফাৰ কুকুৰেৰে নিৰীক্ষণ অব্য়াহত ৰখা হৈছে । প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণৰ আনুষ্ঠানিক সময়সূচী এতিয়াও প্ৰকাশ হোৱা নাই যদিও ৩ এপ্ৰিলৰ বিয়লি চেন্নাইত উপস্থিত হোৱাৰ পিছত প্ৰধানমন্ত্ৰীয়ে হেলিকপ্টাৰেৰে পুডুচেৰীলৈ যাত্ৰা কৰিব বুলি জানিব পৰা গৈছে। তাত এক বৃহৎ জনসভাক সম্বোধন কৰাৰ পাছত সেই নিশা চেন্নাইলৈ উভতি আহিব। ইয়াৰ পিছত তেওঁ চেন্নাই ৰাজ ভৱনত থাকি ৪ এপ্ৰিলৰ পুৱা ১০০ৰো অধিক দলীয় বিষয়া আৰু বিশিষ্ট নেতাৰ সৈতে বৈঠকত মিলিত হ’ব।

ইয়াৰ পিছতে মাইলাপুৰ আৰু টি নগৰ অঞ্চলত ৰোড শ্ব’ বা বাহন ৰেলী অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ বাবে চেন্নাইৰ প্ৰধান পথ, যেনে জি এছ টি ৰোড, আন্না ছালাই, গুইণ্ডী আদি পথত যাতায়ত ডাইভাৰ্ট কৰা হৈছে। এই কেইদিনৰ বাবে যাতায়ত নিষিদ্ধ হ’ব পাৰে, সেয়েহে জনসাধাৰণক বিকল্প পথ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। বিশেষকৈ মীনাম্বকম বিমানবন্দৰলৈ যাত্ৰা কৰা যাত্ৰীসকলক আগতীয়াকৈ যাত্ৰাৰ পৰিকল্পনা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande