
নতুন দিল্লী, ০২ এপ্ৰিল (হি.স.)। কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী (চিএপিএফ)ৰ জোৱানৰ পদোন্নতিৰ বিষয়টো উত্থাপন কৰিছে প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে এই বাহিনীসমূহৰ শীৰ্ষ পদসমূহ কেৱল আই পি এছ বিষয়াৰ বাবে সংৰক্ষিত, আৰু এই নীতিয়ে দেশৰ প্ৰথম প্ৰতিৰক্ষা শাৰী থকা জোৱানসকলক মনোবলহীন কৰি তুলিছে।
টুইটাৰত শ্বেয়াৰ কৰা এটা ভিডিঅ’ পোষ্টত ৰাহুল গান্ধীয়ে নক্সালবাদী এনকাউণ্টাৰৰ সময়ত আই ই ডি বিস্ফোৰণত ভৰি হেৰুৱাই এচিষ্টেণ্ট কমাণ্ডেণ্ট অজয় মালিকৰ উদাহৰণ দাঙি ধৰে। তেওঁ কয় যে ১৫ বছৰতকৈ অধিক সময় সেৱা আগবঢ়োৱাৰ পিছতো মালিকক পদোন্নতিৰ পৰা বঞ্চিত কৰা হৈছিল আৰু নিজৰ বাহিনীক নেতৃত্ব দিয়াৰ কৰ্তৃত্বৰ পৰা বঞ্চিত কৰা হৈছিল। এয়া কেৱল এজন বিষয়াৰ দুখ নহয়, সীমান্তত নিয়োজিত হৈ সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে যুঁজি, নিৰ্বাচনৰ নিৰাপত্তা নিশ্চিত কৰা লাখ লাখ জোৱানৰ দুখ।
তেওঁ লিখিছে যে উচ্চতম ন্যায়ালয়ৰ প্ৰশ্ন আৰু আপত্তি সত্ত্বেও চৰকাৰে এই ব্যৱস্থাক স্থায়ী কৰি তুলিবলৈ দৃঢ়প্ৰতিজ্ঞ। এই বিধেয়কখন কেৱল কেৰিয়াৰক স্তব্ধ কৰাৰ প্ৰয়াস নহয় বৰঞ্চ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ ক্ষেত্ৰত আগৰণুৱাসকলক মনোবলহীন কৰাৰ প্ৰয়াস। যেতিয়া আমাৰ জোৱানৰ মনোবল ভাঙি যায় তেতিয়া জাতীয় নিৰাপত্তাৰ ভেটি কঁপাই যায়।
ৰাহুল গান্ধীয়ে ভিডিঅ’টোত কয় যে বিএছএফ, চিআৰপিএফ, আইটিবিপি, চিআইএছএফৰ দৰে বাহিনীবোৰৰ নিজস্ব বিশেষজ্ঞতা আছে, আৰু এই বিষয়াসকলেই নেতৃত্ব দিব লাগে। বাহিৰৰ কোনোবা এজনক এটা সংগঠনৰ নেতৃত্বত ৰাখিলে ইয়াৰ আত্মা আৰু বাস্তৱতাক বুজাটো সম্ভৱ নহয়। এইটো মৌলিকভাৱে ভুল আৰু কংগ্ৰেছ দলে ধাৰাবাহিকভাৱে ইয়াৰ বিৰোধিতা কৰি আহিছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া