
ইম্ফল, ০২ এপ্ৰিল (হি.স.)। নিৰাপত্তা বাহিনীয়ে চোৰাংচোৱাৰ তথ্য়ৰ ভিত্তিত মণিপুৰৰ থৌবাল জিলাৰ হেইৰোক থানা এলেকাৰ অন্তৰ্গত হেইৰোক পাৰ্ট-২ত অভিযান চলাই অস্ত্ৰ আৰু গোলাবাৰুদৰ ভঁৰাল উদ্ধাৰ কৰে। এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
মণিপুৰ আৰক্ষী মুখ্য কাৰ্যালয়ে বৃহস্পতিবাৰে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতি অনুসৰি, বুধবাৰে খংগাবক মহাদেৱ চিং অঞ্চলত নিৰাপত্তাৰক্ষীয়ে দুটা হেণ্ড গ্ৰেনেড, বিভিন্ন অস্ত্ৰৰ বাবে পাঁচটা মেগজিন, আৰু বিভিন্ন কেলিবাৰৰ ২,৩৮৮ জাঁই গুলী জব্দ কৰে।
এই অভিযান অবৈধ অস্ত্ৰ-শস্ত্ৰৰ চলাচল ৰোধ কৰাৰ লগতে অঞ্চলটোত আইন-শৃংখলা বজাই ৰখাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ অব্যাহত থকা প্ৰচেষ্টাৰ অংশ।
জব্দৰ উৎস আৰু উদ্দেশ্য নিৰ্ণয়ৰ বাবে অধিক তদন্ত অব্যাহত আছে। এই গোচৰত কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া