ডিমৌৰ আঠাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ
শিৱসাগৰ, ০২ এপ্ৰিল (হি.স.)। ডিমৌৰ আঠাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। উদ্ধাৰ হোৱা হিৰোইন খিনিৰ মূল্য প্ৰায় দহলাখ টকা। আঠাবাৰী চাহ বাগিচা কলঘৰৰ কাষতে উদ্ধাৰ হৈছে ড্ৰাগছখিনি। ডিমৌ সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ডিমৌ আৰক্ষীয়ে চলাইছিল অভিযান। আবূ শ
ডিমৌৰ আঠাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ


শিৱসাগৰ, ০২ এপ্ৰিল (হি.স.)। ডিমৌৰ আঠাবাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ। উদ্ধাৰ হোৱা হিৰোইন খিনিৰ মূল্য প্ৰায় দহলাখ টকা।

আঠাবাৰী চাহ বাগিচা কলঘৰৰ কাষতে উদ্ধাৰ হৈছে ড্ৰাগছখিনি। ডিমৌ সমজিলা আৰক্ষী অধীক্ষকৰ নেতৃত্বত ডিমৌ আৰক্ষীয়ে চলাইছিল অভিযান।

আবূ শ্বেখ নামৰ ব্যক্তি জনৰ বাসগৃহৰ পিছফালে এখন ট্ৰেক্টৰত লুকুৱাই থোৱা অৱস্থাত উদ্ধাৰ কৰা হৈছে নিষিদ্ধ ড্ৰাগছখিনি।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande