সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডাৰ হৈ ব্য়াপক প্ৰচাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ
গোলাঘাট, ০২ এপ্ৰিল (হি.স.)। সৰুপথাৰ সমষ্টিত শাসক-বিৰোধীৰ ৰাজনৈতিক যুঁজ তুংগত হৈ উঠিছে। ইয়াৰ সমান্তৰাল ভাৱে শাসক-বিৰোধীৰ অংকত আউল লগাইছে ঝাৰখণ্ড মুক্তি মৰ্চাই। সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডাই চলাইছে ব্যাপক নিৰ্বাচনী প
সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডাৰ হৈ ব্য়াপক প্ৰচাৰ ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেনৰ


গোলাঘাট, ০২ এপ্ৰিল (হি.স.)। সৰুপথাৰ সমষ্টিত শাসক-বিৰোধীৰ ৰাজনৈতিক যুঁজ তুংগত হৈ উঠিছে। ইয়াৰ সমান্তৰাল ভাৱে শাসক-বিৰোধীৰ অংকত আউল লগাইছে ঝাৰখণ্ড মুক্তি মৰ্চাই। সৰুপথাৰ সমষ্টিত ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডাই চলাইছে ব্যাপক নিৰ্বাচনী প্ৰচাৰ। ৪০ হাজাৰতকৈ অধিক চাহ জনজাতি তথা আদিবাসী ভোটাৰ থকা সৰুপথাৰ সমষ্টিত চাহিল মুণ্ডাই পৰিৱৰ্তন কৰিব নেকি ৰাজনৈতিক সমীকৰণ। আজি ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত ছোৰেন উপস্থিত হৈ ১নং পানজান খেলপথাৰত নিৰ্বাচনী প্ৰচাৰ চলাল। হাজাৰ হাজৰ লোকৰ উপস্থিতিয়ে শাসক বিৰোধিৰ অংকত আউল লগাটো প্ৰায় নিশ্চিত সৰুপথাৰত ।

অসমত কেৱল বিজেপি চৰকাৰে হিন্দু মুচলমানৰ ৰাজনীতি কৰি আছে বুলি ছোৰেনে কয়। তেওঁ কয় যে অদিবাসী লোকসকলৰ বাবে কোনোধৰনৰ ব্যৱস্থা কৰা নাই । অসমত চাহ বাগন আছে , আদিবাসী সকলৰ পৰসত জিপাল হয় কিন্তু চৰকাৰে মাত্ৰ ২৫০ টকা হাজিৰা দিছে । অধিকাৰ সমূহ নিদিলে আজুৰি আনিব লাগিৱ , আমি শক্তিশালি হলে চৰকাৰ আমাৰ মতে উঠা বহা কৰিব । তেওঁ কয় যে পাছ বছৰৰ অন্তত মাত্ৰ ৯ হাজাৰ টকা চৰকাৰে ভোট কিনিছে চৰকাৰে কিয় প্ৰতিমাহে ৯ হাজাৰ টকা নিদিয়ে কাৰন আদিবাসী লোক সকল ভৰি উপৰত থিয় হলে নিজৰ অধিকাৰ আজুৰি আনিব বুলি জানে ।

ইফালে ঝাৰখণ্ড মুক্তি মৰ্চাৰ প্ৰাৰ্থী চাহিল মুণ্ডা প্ৰৱল আশাবাদী । তেওঁৰ প্রতিদ্বন্দ্বিতা কেৱল জাতীয় পৰিষদ লগত হব বিজেপিৰ লগত প্রতিদ্বন্দ্বিতা নহয় বুলি উল্লেখ কৰে । এইবাৰ আদিবাসী সমাজে সঠিক সিধান্ত লৱ ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande