২ নং দোতমা বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণ শিঙা বজালে হাগ্ৰামা মহিলাৰীয়ে
কোকৰাঝাৰ, ০২ এপ্ৰিল (হি.স.)। ২ নং দোতমা বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণ শিঙা বজালে হাগ্ৰামা মহিলাৰীয়ে। চৰকাৰ বিপিএফৰ হব, ইউ পি পি এল এখনো জয়ী নহয় বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ। তেওঁ কয় যে ১০০ খন আসন এন ডি এই লাভ কৰিব। সমাগত বিধান সভা নিৰ্বাচন ।
২ নং দোতমা বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণ শিঙা বজালে হাগ্ৰামা মহিলাৰীয়ে


কোকৰাঝাৰ, ০২ এপ্ৰিল (হি.স.)। ২ নং দোতমা বিধান সভা সমষ্টিত নিৰ্বাচনী ৰণ শিঙা বজালে হাগ্ৰামা মহিলাৰীয়ে। চৰকাৰ বিপিএফৰ হব, ইউ পি পি এল এখনো জয়ী নহয় বুলি মন্তব্য হাগ্ৰামা মহিলাৰীৰ।

তেওঁ কয় যে ১০০ খন আসন এন ডি এই লাভ কৰিব। সমাগত বিধান সভা নিৰ্বাচন । মাজতে ছটা দিন বাকী । বিটিচিৰ চৌদিশে নিৰ্বাচনী গৰম বতাহ। নিৰ্বাচনী প্ৰচাৰ অভিযানে বিটিচিৰ আকাশ বতাহ কঁপাই তুলিছে। আজি দোতমা বিধান সভা সমষ্টিৰ সেৰফাংগুৰিত বিপিএফ দলৰ এখন নিৰ্বাচনী সভা অনুষ্ঠিত হয়। বিজেপি - বিপিএফৰ যৌথ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় বিপিএফ দলৰ মুৰব্বী তথা বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰী। দোতমা সমষ্টিত আজি প্ৰথম বাৰৰ বাবে এন ডি এৰ প্ৰাৰ্থী ৰবিৰাম নাৰ্জাৰীৰ হৈ প্ৰচাৰ চলায়। উক্ত নিৰ্বাচনী প্ৰচাৰ সভাত পাঁচ হেজাৰৰ অধিক ভোটাৰ ৰাইজ অংশগ্ৰহণ কৰে। অহা বিধান সভা নিৰ্বাচনক কেন্দ্ৰ কৰি দলৰ মুৰব্বী হাগ্ৰামা মহিলাৰী নিৰ্বাচনী ৰণ শিঙা বজায়।

বিটিচিত কংগ্ৰেছ কৰি লাভ নাই। অৱস্থা খুবেই বেয়া। এন ডি এ জয়ী হব। ১০০ ৰ তলত আহিব নালাগে। ইউ পি পি এল ১০ - ১২ টা আসন কিয় ১৫ খন জিকিব বুলি কব লাগে ।

ইউ পি পি এল দলে কাজিয়া কৰাৰ চেষ্টা কৰিব। সিহঁতৰ পলিছি আমি জানি পাইছো।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande