

মৰিগাঁও, ০২ এপ্ৰিল (হি.স.)। জাগীৰোডৰ নখোলাৰ দমৰাকুছিত উত্তপ্ত পৰিস্থিতি। জাগীৰোডৰ এগৰাকী যুৱকৰ হত্যাত জড়িত থকাৰ অভিযোগেৰে এগৰাকী মহিলাৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে হত্যাকাণ্ডৰ বলি হোৱা লিটন সৰকাৰৰ আত্মীয় আৰু স্থানীয় লোকে। পৰিয়ালৰ অভিযোগ মহিলা গৰাকীয়ে প্ৰেমীকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিক লিটন সৰকাৰক হত্যা কৰিছে ।
উল্লেখ্য যে বিগত ২৬ মাৰ্চৰ আবেলি ভাগত জাগীৰোডৰ যুৱক লিটন সৰকাৰৰ মৃতদেহ বহাৰ এখন পথাৰত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় । পৰৱৰ্তী পৰ্যায়ত আৰক্ষীয়ে তদন্ত চলাই মহিলা গৰাকীৰ দ্বিতীয় প্ৰেমিক বিশ্বজিৎ সৰকাৰক আটক কৰে যদিও মায়ং আৰক্ষীয়ে বিগত প্ৰায় এসপ্তাহ ধৰি সন্দেহৰ আঙুলি উঠা মহিলা গৰাকীৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। সেয়ে আজি মহিলা গৰাকীৰ ঘৰ ঘেৰাও কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আটক কৰে মহিলাগৰাকীক।
হিন্দুস্থান সমাচাৰ / Narayan Kar