মৰিয়নিৰ পহুমৰা গাঁৱত ধুমুহাৰ বিধংসী ৰূপ, বিধায়ক ৰূপজ্যোতিৰ তৎপৰতাক ৰাইজৰ প্ৰশংসা
যোৰহাট, ০২ এপ্ৰিল (হি.স.)। যোৰহাট জিলাৰ মৰিয়নিৰ পহুমৰা গাঁৱত ধুমুহাই বিধংসী ৰূপ ধাৰণ কৰে। বুধবাৰে সন্ধিয়া অহা এজাক বতাহ ধুমুহাত মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰীৰ পঞ্চায়তৰ বনাই তুলসীজান পহুমৰা গাঁৱত পাঁচটাকৈ আবাস গৃহৰ বিস্তৰ ক্ষতিসাধন হয়। প
মৰিয়নিৰ পহুমৰা গাঁৱত ধুমুহাৰ বিধংসী ৰূপ, বিধায়ক ৰূপজ্যোতিৰ তৎপৰতাক ৰাইজৰ প্ৰশংসা


যোৰহাট, ০২ এপ্ৰিল (হি.স.)। যোৰহাট জিলাৰ মৰিয়নিৰ পহুমৰা গাঁৱত ধুমুহাই বিধংসী ৰূপ ধাৰণ কৰে। বুধবাৰে সন্ধিয়া অহা এজাক বতাহ ধুমুহাত মৰিয়নি সমষ্টিৰ অন্তৰ্গত বামুণপুখুৰীৰ পঞ্চায়তৰ বনাই তুলসীজান পহুমৰা গাঁৱত পাঁচটাকৈ আবাস গৃহৰ বিস্তৰ ক্ষতিসাধন হয়।

প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে ঘৰৰ টিনপাত, বাহৰ বেৰাৰ লগতে কেইবাজোপাও গছ উভালি পৰিছে। ধুমুহাই ঘৰৰ আচবাবৰ লগতে কিতাপ-পত্ৰ সকলো নষ্ট কৰিলে।

ইফালে নিৰ্বাচনী প্ৰচাৰৰ মাজত মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ততাতৈয়াকৈ পালেগৈ পহুমৰা গাঁও।

ক্ষতিগ্ৰস্ত পৰিয়ালক এই দুখৰ বেলিকা দিলে এসাৰ মাতৰ লগতে তাৎক্ষণিকভাৱে মেৰামতি কৰিবলৈ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰে।

বিধায়কজনৰ এনে তৎপৰতাত সন্তোষ প্ৰকাশ ক্ষতিগ্ৰস্ত পৰিয়ালৰ লগতে গাঁওবাসী। ইতিমধ্যে জিলা আয়ুক্ত সৈতে যোগাযোগ কৰি অহা কালি শুকুৰবাৰৰ ভিতৰত মেৰামতি কৰি দিবলৈ প্ৰশাসনক জনালে আহ্বান বিধায়ক ৰূপজ্যোতিয়ে l

---------------

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande