
বোকাজান, ০২ এপ্ৰিল (হি.স.)। বোকাজানৰ নিৰ্বাচনী সভাত অংশ লৈ কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে তীব্ৰ ভাষাৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক সমালোচনা কৰে। নিজৰ ভাষণত তেওঁ পাহাৰীয়া জিলাসমূহত সংঘটিত বহু কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰে।
গগৈয়ে অভিযোগ কৰে যে গৰু আৰু কয়লা ছিণ্ডিকেটৰ সৈতে জড়িত লোকসকলক চৰকাৰে আশ্ৰয় প্ৰদান কৰিছে, যাৰ ফলত ৰাজ্যখনত শাসন ব্যৱস্থা আৰু উন্নয়ন বাধাগ্ৰস্ত হৈছে। তেওঁ লগতে কয় যে এই ধৰণৰ কাৰ্যকলাপে জনসাধাৰণৰ আস্থা হ্ৰাস কৰিছে। “নতুন অসম” আৰু “বৰ অসম” গঢ়াৰ লক্ষ্যৰে কংগ্ৰেছ আৰু বিৰোধী ঐক্য মঞ্চ একত্ৰিত হোৱা বুলি উল্লেখ কৰি গগৈয়ে কংগ্ৰেছ প্ৰাৰ্থী ৰতন ইংতিৰ সমৰ্থনত নিৰ্বাচনী প্ৰচাৰ চলায়।
ইয়াৰ উপৰিও, তেওঁ তুলিৰাম ৰংহাংক লক্ষ্য কৰি সমালোচনা কৰে আৰু “নতুন কাৰ্বি আংলং” গঢ়াৰ প্ৰয়োজনীয়তাৰ কথা দাঙি ধৰে।
তেওঁ স্পষ্টভাৱে কয় যে ৰাজ্যত কংগ্ৰেছ চৰকাৰ গঠন হ’লে শান্তি, উন্নয়ন আৰু প্ৰগতি নিশ্চিত কৰা হ’ব। নিজৰ ৰাজনৈতিক জীৱনৰ প্ৰসংগত তেওঁ কয় যে পূৰ্বৰ মুখ্যমন্ত্ৰী পিতৃ তৰুণ গগৈৰ আদৰ্শই তেওঁক পথ প্ৰদৰ্শন কৰিছে।
ভাষণত গগৈয়ে দুখীয়া আৰু নিস্পেষিত লোকসকলৰ কাষত সদায় থাকিবলৈ অঙ্গীকাৰ প্ৰকাশ কৰে আৰু সৰ্বাংগীণ উন্নয়নৰ প্ৰতিশ্ৰুতি দিয়ে।
হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ