
কলকাতা, ০২ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে মালদা জিলাত ভোটাৰ তালিকাক লৈ চলি থকা প্ৰতিবাদ সন্দৰ্ভত দৃঢ় স্থিতি গ্ৰহণ কৰিছে নিৰ্বাচন আয়োগে। আয়োগে এই সন্দৰ্ভত ৰাজ্যখনৰ আৰক্ষী সঞ্চালক প্ৰধান সিদ্ধনাথ গুপ্তাৰ পৰা বিতং প্ৰতিবেদন বিচাৰিছে। সূত্ৰ অনুসৰি কলিকতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সুজয় পালকো এই বিষয়ে অৱগত কৰা হৈছে।
বুধবাৰে ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰাৰ প্ৰতিবাদত মোথাবাৰী, সুজাপুৰকে ধৰি মালদাৰ কেইবাটাও অঞ্চলত উত্তেজনাৰ সৃষ্টি হয়। শতাধিক সংখ্যালঘু সম্প্ৰদায়ৰ প্ৰতিবাদকাৰীয়ে কলকাতা-শিলিগুৰি ৰাষ্ট্ৰীয় ঘাইপথ ১২ অৱৰোধ কৰাৰ লগতে কলিয়াচক-২ ব্লক কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰে।
খবৰ আহিছিল যে সেই সময়ত ব্লক অফিচৰ ভিতৰত এছ আই আৰ কামত নিয়োজিত ৭জন ন্যায়িক বিষয়া আছিল যেতিয়া তেওঁলোকক প্ৰতিবাদকাৰীয়ে ঘেৰি ধৰিছিল। বিয়লি ৪ বজাৰ পৰা মাজনিশা ১২ বজালৈ আবদ্ধ হৈ থাকে এই বিষয়াসকল। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তেওঁলোকক নিৰাপদে উলিয়াই আনে।
এই সময়ছোৱাত ন্যায়িক বিষয়াক এস্কৰ্ট কৰি আৰক্ষীৰ বাহনত আক্ৰমণৰ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ইয়াৰে এখন বাহনৰ ভিতৰতো ভঙা কাঁচ দেখা গৈছে। বিষয়াসকলক উদ্ধাৰ কৰাৰ সময়ত আৰক্ষীয়ে লাঠিচাজৰ আশ্ৰয় লোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ। ইয়াৰ উপৰিও বিষয়াসকলৰ কনভয়ত থকা এখন বাহনে এজন প্ৰতিবাদকাৰীক আহত কৰাৰ অভিযোগ উত্থাপন হৈছিল, যিজন বৰ্তমান চিকিৎসাধীন হৈ আছে।
প্ৰতিবাদকাৰীয়ে দাবী কৰিছে যে বৈধ নথি-পত্ৰ থকাৰ পিছতো বহু লোকৰ নাম ভোটাৰ তালিকাৰ পৰা আঁতৰাই দিয়া হৈছে। প্ৰতিবাদত পথ অৱৰোধ আৰু বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। আৰক্ষীয়ে বৃহস্পতিবাৰে পুৱা জিলাখনৰ অধিকাংশ অঞ্চলত অৱৰোধ আৰু বিক্ষোভ মুক্ত কৰে। ১২ নং ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। স্পৰ্শকাতৰ অঞ্চলত আৰক্ষীৰ পিকেট মোতায়েন কৰা হৈছে, আৰু কেন্দ্ৰীয় বাহিনীয়ে টহল দিছে।
অৱশ্যে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত নহ’লে পুনৰ প্ৰতিবাদ কৰিব বুলি সকীয়াই দিছে প্ৰতিবাদকাৰীয়ে। এই পটভূমিত নির্বাচন আয়োগে সমগ্র বিষয়টোৰ ওপৰত ৰাজ্যৰ আৰক্ষী অধীক্ষকৰ পৰা প্রতিবেদন বিচাৰিছে ৷
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া