নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা
গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই এক নিৰ্দেশনাযোগে অহা ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ আৰু ৪ মে''ৰ ভোট গণনাৰ দিনটোত গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্
নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা


গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। আগন্তুক অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা আয়ুক্তই এক নিৰ্দেশনাযোগে অহা ৭ এপ্ৰিলৰ বিয়লি ৫ বজাৰ পৰা ৯ এপ্ৰিলৰ বিয়লি ৫ বজালৈ আৰু ৪ মে'ৰ ভোট গণনাৰ দিনটোত গণনা প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত কামৰূপ মহানগৰ জিলাত ড্ৰাই ডে ঘোষণা কৰিছে।

উক্ত সময়ছোৱাত জিলাখনৰ সকলো পাইকাৰী তথা খুচুৰা সুৰাৰ বিপণি, পন্যাগাৰ, ভাৰতত নিৰ্মিত বিদেশী সুৰা (আই.এম.এফ.এল) তথা দেশীয় সুৰাৰ দোকান আদি বন্ধ থকাৰ লগতে সকলো ধৰণৰ সুৰাৰ সৰবৰাহ সম্পূৰ্ণৰূপে বন্ধ থাকিব। তদুপৰি, ক্লাব, বাৰ, হোটেল, ক্ষুদ্ৰ সুৰা প্ৰস্তুত কেন্দ্ৰ, থলুৱা সুৰাৰ কাৰখানা আদি ড্ৰাই ডে বাহাল থকাৰ সময়ত বন্ধ ৰাখিব লাগিব । জিলা প্ৰশাসনে সকলো অনুজ্ঞাপত্ৰ থকা ব্যৱসায়ী তথা জনসাধাৰণক এই নিৰ্দেশ কঠোৰভাৱে মানি চলিবলৈ আহ্বান জনাইছে। লগতে আদেশ অমান্য কৰিলে আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনোৱা হৈছে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande