

গুৱাহাটী, ০২ এপ্ৰিল (হি.স.)। ডিমৰীয়াত তৎপৰতা বৃদ্ধি পাইছে এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী ড০ তপন দাসৰ। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্ৰতি সমষ্টিতে ক্ৰমাৎ ব্যাপক হৈছে নিৰ্বাচনী প্ৰচাৰ।
নৱগঠিত ডিমৰীয়া সমষ্টিত এন ডি এ সমৰ্থিত অগপ প্ৰাৰ্থী ড০ তপন দাসেও বুধবাৰে পুৱাৰে পৰা মাজনিশা পৰ্যন্ত চলালে মাৰাথান নিৰ্বাচনী প্ৰচাৰ।
ডিমৰীয়াৰ ইমূৰৰ পৰা সিমূৰলৈ কেইবাখনো নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ সমান্তৰালভাৱে মুকলি কৰিলে কেইবাটাও নিৰ্বাচনী কাৰ্যালয়।
প্ৰতিখন সভাতে সৰ্বস্তৰৰ ৰাইজৰ বিপুল উচাহ দেখি তেওঁ অভিভূত হোৱাৰ লগতে আত্মবিশ্বাস বৃদ্ধি কৰা বুলিও মন্তব্য ড০ তপন দাসৰ।
অনাগত দিনত ডিমৰীয়াৰ লগতে সমগ্ৰ অসমৰ উন্নয়নৰ হকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক সমৰ্থনেৰে মিত্ৰজোঁটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰোৱাৰো আহ্বান প্ৰাৰ্থীগৰাকীৰ । উল্লেখ্য যে নৱগঠিত ডিমৰীয়া সমষ্টিত মুঠ ভোট গ্ৰহণ কেন্দ্ৰ ২৬২টাত
ভোটাৰৰ সংখ্যা ২,১৬,৯৪৯ গৰাকী। ইয়াৰ পুৰুষ ভোটাৰ ১,০৫,৩৮৪গৰাকী হোৱাৰ বিপৰীতে মহিলা ভোটাৰ ১,১১,৫৫৯ গৰাকী আৰু
তৃতীয় লিংগৰ ভোটাৰ ৬ গৰাকী।
হিন্দুস্থান সমাচাৰ / Narayan Kar