
লখিমপুৰ, ০২ এপ্ৰিল (হি.স.)। বিহপুৰীয়াত ধাৰাবাহিক নিৰ্বাচনী প্ৰচাৰত ব্যস্ত বিজেপি দল আৰু প্ৰাৰ্থী। আজি বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ভূপেন কুমাৰ বৰাই হৈ নিৰ্বাচনী প্ৰচাৰত নামিল মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্য্য।
উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক সমিতিয়ে ৰঞ্জিত ভট্টাচাৰ্য্য ক বিহপুৰীয়া আৰু জালুকবাৰী সমষ্টিৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সহঃআহ্বায়কৰ দায়িত্ব প্ৰদান কৰিছে। বিহপুৰীয়া সমষ্টিত প্ৰচাৰ সভাত অংশ লৈ আগন্তুক সময়ত বিজেপি তথা ভূপেন কুমাৰ বৰাক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব বুলি মন্তব্য কৰে। ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু