নলবাৰী চহৰত বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ বিশাল নিৰ্বাচনী সভা
নলবাৰী চহৰত বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱা ৰ বিশাল নিৰ্বাচনী সভা ।
নলবাৰী চহৰত বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ বিশাল নিৰ্বাচনী সভা


নলবাৰী, ০২ এপ্ৰিল (হি.স.): সমাগত বিধানসভা নিৰ্বাচন। ৰাজ্যৰ সমষ্টিয়ে সমষ্টিয়ে জোৰদাৰ হৈ পৰিছে প্ৰচাৰ অভিযান। যোৱা কালি বুধবাৰে নিশা নলবাৰী চহৰত অনুষ্ঠিত হয় বিজেপিৰ প্ৰাৰ্থী জয়ন্ত মল্ল বৰুৱাৰ বিশাল নিৰ্বাচনী সভা । প্ৰতিকূল বতৰৰ মাজতে হেজাৰ হেজাৰ সমৰ্থকৰ সন্মুখত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৰাখিলে নিৰ্বাচনী ভাষণ ।

বিজেপিৰ নলবাৰী টাউন মণ্ডলে আয়োজন কৰা নিৰ্বাচনী জন সভাত বহুতো গুৰুত্বপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । এইবাৰ বিজেপি চৰকাৰ আহিলে অসমত ছাত্র ছাত্রীৰ শিক্ষা সম্পূৰ্ণ বিনামূলীয়া হ'ব বুলি কোৱাৰ লগতে আধুনিক নলবাৰীত পুনৰ কেবাখনো উৰণ সেতু আৰু নলবাৰী চহৰৰ লগতে এইবাৰ গ্ৰামাঞ্চলত বাকী থকা ৰাস্তা ঘাটৰ কাম সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

আনহাতে এইবাৰ নলবাৰী সমষ্টিৰ ৰাইজৰ উৎসাহ দেখি পূৰ্বতকৈও বেছি ভোটৰ ব্যৱধানত জয়লাভ কৰিব বুলি ব্যক্ত কৰে জয়ন্ত মল্ল বৰুৱাই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande