কয়াকুছিত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভা
বৰপেটা, ০২ এপ্ৰিল (হি.স.)। বৰপেটাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কয়াকুছিত এ আই ইউ ডি এফৰ ৰ বিশাল নিৰ্বাচনী জনসভা। পাকাবেতবাৰী বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ ৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ আছাউদ্দিন ওৱেছিৰ। জনসভাত বিপুল সংখ্যক ল
কয়াকুছিত এ আই ইউ ডি এফৰ বিশাল নিৰ্বাচনী জনসভা


বৰপেটা, ০২ এপ্ৰিল (হি.স.)। বৰপেটাৰ পাকাবেতবাৰী বিধানসভা সমষ্টিৰ কয়াকুছিত এ আই ইউ ডি এফৰ ৰ বিশাল নিৰ্বাচনী জনসভা।

পাকাবেতবাৰী বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ ৰ প্ৰাৰ্থী মীনাক্ষী ৰহমানৰ হৈ নিৰ্বাচনী প্ৰচাৰ আছাউদ্দিন ওৱেছিৰ।

জনসভাত বিপুল সংখ্যক লোকৰ সমাগম হয়।

এ আই এম আই এম ৰ সভাপতি তথা সাংসদ আছাউদ্দিন ওৱেছিএ আজি বৰপেটা জিলাৰ পাকাবেতবাৰী সমষ্টিৰ এআইইউডিএফৰ প্ৰাৰ্থী মিনাক্ষী ৰহমানৰ হৈ প্ৰচাৰ চলায় ।

কয়াকুছিত অনুষ্ঠিত বিশাল জনসভাখনত ওৱেছিয়ে বিজেপি আৰু কংগ্ৰেছক তীব্ৰ সমালোচনা কৰে।

ওৱেছিয়ে কয় যে বিগত ৭০ বছৰে ভাৰতত মুছলমান লোকসকল নিৰ্যাতনৰ বলি হৈ আহিছে।

প্ৰতিটো ৰাজনৈতিক দলে দেশৰ মুছলমানসকল নিৰ্যাতন চলাইছে।

অসমত উচ্ছেদ চলোৱা হৈছে। এনকাউণ্টাৰ কৰা হৈছে বুলিও ওৱেছিয়ে ভাষণত কয়।

ৰাইজক তলা- চাবিৰ প্ৰতীক চিহ্ণত ভোট দি মিনাক্ষী ৰহমানক জয়যুক্ত কৰিবলৈ আহ্বান জনায় ওৱেছিয়ে।

ইপিনে কংগ্ৰেছদলৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰক আক্ৰমণৰ লক্ষ্য কৰি ওৱেছিএ কয় যে, সমষ্টিটোৰ কংগ্ৰেছৰ প্ৰাৰ্থীজনক ভোট দি জয়যুক্ত কৰিলে তেও কেইদিনমান পাছতে বিজেপিৰ লগত চাহ - জলপান খাই বহি থাকিব।

গতিকে মুছলমানৰ স্বাৰ্থ ৰক্ষা কৰিবলৈ হলে এআইইউডিএফক জয়যুক্ত কৰাৰ বিকল্প নাই।

ওৱেছিএ অসমৰ মুখ্যমন্ত্ৰীক দেশৰ সংবিধান ৰক্ষা কৰি কাম কৰিবলৈও আহ্বান জনায়। অসমৰ মুখ্যমন্ত্ৰীয়ে মুছলমানক ঘৃণা কৰে বুলি মন্তব্য কৰি ওৱেছিয়ে কয় যে মুছলানক কোনোবাই গুলী মাৰিব বিচাৰিলে প্ৰথমতে তেওঁক মাৰক। কাৰণ মুছলমানৰ অধিকাৰ ৰক্ষাৰ বাবে তেওঁ প্ৰাণ দিবলৈ সাজু।

কংগ্ৰেছক ভোট দিয়া মানে বিজেপিক ভোট দিয়াটোৱেই বুজাব বুলিও ওৱেছিয়ে কয়। ওৱেচিয়ে মুলত এ আই ইউ ডি এফক বিজেপিৰ এজেন্ট নহয় বুলি ক্লীনচীট দিয়াৰ চেষ্টা চলায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande