জলপাইগুৰিত ৰে’লৰ পৰা আটক গুৱাহাটীৰ পৰা যোৱা ১৪ বাংলাদেশী
জলপাইগুৰি, ০২ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰে’ল সুৰক্ষা বাহিনীয়ে (আৰপিএফ) এক বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা নিশা জলপাইগুৰি ৰোড ষ্টেচনত কামাখ্যা-আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছত অভিযান চলাই ১৪ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰ
गिरफ्तार बांग्लादेशी के साथ आरपीएफ टीम 


জলপাইগুৰি, ০২ এপ্ৰিল (হি.স.)। পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰে’ল সুৰক্ষা বাহিনীয়ে (আৰপিএফ) এক বৃহৎ সফলতা অৰ্জন কৰিছে। যোৱা নিশা জলপাইগুৰি ৰোড ষ্টেচনত কামাখ্যা-আনন্দ বিহাৰ নৰ্থ ইষ্ট এক্সপ্ৰেছত অভিযান চলাই ১৪ জন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰা হয়। আটক কৰা কেইজনৰ ভিতৰত আছে কেইবাগৰাকীও মহিলা আৰু শিশু ।

আৰ পি এফৰ সূত্ৰ অনুসৰি এক গোপন সূত্ৰৰ ভিত্তিত ইতিমধ্যে নিৰীক্ষণ চলি আছিল। ৰে’লখন ষ্টেচনত উপস্থিত হোৱাৰ লগে লগে সাধাৰণ ডবাটোত তালাচী চলোৱা হয়। তালাচীৰ সময়ত ১৪ জন সন্দেহযুক্ত লোকক চিনাক্ত কৰি ৰে’লৰ পৰা নমাই আটক কৰা হয়।

তালাচীৰ সময়ত কেইবাখনো আধাৰ কাৰ্ড আৰু পেন কাৰ্ড উদ্ধাৰ কৰা হয়। মালয়েছিয়াৰ মুদ্ৰা আৰু মোবাইল ফোনো উদ্ধাৰ কৰা হৈছে। আধাৰ কাৰ্ডৰ নম্বৰ পৰীক্ষা কৰাৰ সময়ত ভুৱা বুলি ধৰা পৰে ।

প্ৰাথমিক তদন্তত প্ৰকাশ পাইছে যে আটাইকেইজন অভিযুক্ত বাংলাদেশৰ বিভিন্ন জিলাৰ বাসিন্দা । অবৈধভাৱে সীমান্ত পাৰ হৈ উত্তৰ-পূব ভাৰতত প্ৰৱেশ কৰি গুৱাহাটীৰ কামাখ্যা ষ্টেচনৰ পৰা দিল্লী অভিমুখী নৰ্থ-ইষ্ট এক্সপ্ৰেছত উঠিছিল । খবৰ অনুসৰি তেওঁলোকে দিল্লীত উপস্থিত হোৱাৰ পিছত জম্মু-কাশ্মীৰলৈও যাত্ৰা কৰাৰ পৰিকল্পনা কৰিছিল । এই সন্দৰ্ভত আৰ পি এফে অধিক তদন্ত আৰম্ভ কৰিছে ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande