

ডেৰাডুন, ১৯ এপ্ৰিল (হি.স.)। অক্ষয় তৃতীয়াৰ শুভ ক্ষণ উপলক্ষে দেওবাৰে মা গংগাৰ জয়ধ্বনিৰ মাজতে ভক্তৰ বাবে গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। শ শ লোকে দুৱাৰ খোলাৰ সাক্ষী হৈ মন্দিৰৰ চিৰন্তন জ্যেতি দৰ্শন কৰি আধ্যাত্মিক পুণ্য লাভ কৰিছিল।
এই উপলক্ষে বৃহৎ সংখ্যক ভক্তই গংগোত্ৰী নদীত পবিত্ৰ স্নান কৰিছিল। গংগোত্ৰী মন্দিৰ সমিতিৰ সম্পাদক সুৰেশ চেমৱালে উল্লেখ কৰে যে দেওবাৰে পুৱা ৭ বজাত ভৈৰৱ উপত্যকাৰ প্ৰাচীন ভৈৰৱ মন্দিৰৰ পৰা মাতৃ গংগাৰ ডোলী যাত্ৰা গংগোত্ৰী ধাম অভিমুখে ৰাওনা হয়। সেনাৰ পাইপ বেণ্ড আৰু ভক্তসকলে গংগোত্ৰী মূল দুৱাৰৰ পৰা মন্দিৰলৈ পৰম্পৰাগত ঢোল তাতৰ সুৰত নাচি বাগি পুৱা ৯ বজাত গন্তব্যস্থান গংগোত্ৰীত উপস্থিত হয় ডোলী যাত্ৰা। ডোলী যাত্ৰাক ভৱ্য আদৰণি জনোৱা হয়। এই উপলক্ষে তীৰ্থযাত্ৰী পুৰোহিত আৰু ট্ৰেভেল এজেণ্টে মা গংগাৰ ডোলীত পুষ্প বৰষা কৰে।
ইয়াৰ পাচত গংগা পূজন, গংগা সহস্ৰানাম, গংগা লাহৰী, শ্ৰী শুক্তৰ পাঠৰ লগতে বৈদিক জপ আদি ধৰ্মীয় অনুষ্ঠান সম্পন্ন কৰা হয়। দিনৰ ১২:১৫ বজাত ভাৰত-বিদেশৰ ভক্তসকলৰ বাবে গংগোত্ৰী মন্দিৰৰ দুৱাৰ মুকলি কৰা হয়। শ শ ভক্তই মন্দিৰৰ ভিতৰত জ্বলি থকা চিৰন্তন জ্যেতিৰ সাক্ষী হৈছিল। মন্দিৰৰ দুৱাৰ খোলাৰ লগে লগে ৰাতিপুৱাই গংগা দৰ্শন আৰু পূজা কৰিবলৈ ভক্তৰ সোঁত ববলৈ ধৰিলে। অক্ষয় তৃতীয়াৰ দিনা হাজাৰ হাজাৰ ভক্তই গংগাত স্নান কৰি গংগোত্ৰী ধামলৈ দান দি গংগোত্ৰী ধামৰ আশীৰ্বাদ অৰ্জন কৰে।
এই উপলক্ষে মুখ্যমন্ত্রী পূষ্কৰ সিং ধামী ধামত উপস্থিত হৈ পূজাত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নামত প্রথম পূজা অনুষ্ঠিত হয়৷ ইয়াৰ লগে লগে আনুষ্ঠানিকভাৱে আৰম্ভ হ’ল চাৰিধাম যাত্ৰা ২০২৬। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে ৰাজ্য চৰকাৰে তীৰ্থযাত্ৰীসকলৰ সুবিধা, সুৰক্ষা, আৰু স্বাস্থ্য সেৱাৰ প্ৰতি বিশেষ গুৰুত্ব দি নিৰাপদ আৰু মসৃণ তীৰ্থযাত্ৰা নিশ্চিত কৰাৰ বাবে ব্যাপক ব্যৱস্থা কৰিছে। ইয়াৰ সমান্তৰালকৈ প্লাষ্টিকমুক্ত ভ্ৰমণৰ জৰিয়তেও পৰিৱেশ সুৰক্ষাৰ বাৰ্তা দিয়া হৈছে।
এই উপলক্ষে গংগোত্ৰীৰ বিধায়ক সুৰেশ চৌহান, প্ৰাক্তন বিধায়ক বিজয়পাল সাজৱান, ডি এম প্ৰশান্ত আৰ্য্য, এছ পি কমলেশ উপাধ্যায়, গংগোত্ৰী মন্দিৰ সমিতিৰ সভাপতি ধৰ্মানন্দ ছেমৱাল, সম্পাদক সুৰেশ চেমৱাল, ব্লক প্ৰধান মমতা পানৱাৰ, কিশোৰ ভাট, অৰুণ কুমাৰ, ৰাজেশ চেমৱালৰ লগতে প্ৰায় দুহেজাৰ ভক্ত উপস্থিত থাকে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া