নলবাৰীৰ চান্দকুছি বৰআজাৰাত উন্মোচন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
নলবাৰী, ১৯ এপ্ৰিল (হি.স.)। কালি সন্ধিয়া নলবাৰীৰ চান্দকুছি বৰআজাৰাত হিয়াৰ আমঠু সংগীত সূৰ্য্য জুবিন গাৰ্গৰ এটা পূৰ্ণ অবয়ৱ প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নলবাৰী বৰআজাৰা-চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত প্ৰকল্পস্থলীত হিয়াৰ আমঠু জুব
নলবাৰীৰ চান্দকুছি বৰআজাৰাত উন্মোচন জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি


নলবাৰী, ১৯ এপ্ৰিল (হি.স.)। কালি সন্ধিয়া নলবাৰীৰ চান্দকুছি বৰআজাৰাত হিয়াৰ আমঠু সংগীত সূৰ্য্য জুবিন গাৰ্গৰ এটা পূৰ্ণ অবয়ৱ প্ৰতিমূৰ্তি আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয়। নলবাৰী বৰআজাৰা-চান্দকুছি সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত প্ৰকল্পস্থলীত হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তিটো উন্মোচন কৰা হয়। প্ৰতিমূৰ্তিটো উন্মোচন কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা আৰু পৰিচালক অৰূপ মান্নাই। অনুষ্ঠানত বহু সংখ্যক স্থানীয় লোক উপস্থিত থাকি জুবিন গাৰ্গৰ প্ৰতি সন্মান জনায়। এই অনুষ্ঠানটোৱে অঞ্চলজুৰি উৎসাহৰ পৰিবেশ সৃষ্টি কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande