
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। মহিলা সংৰক্ষণ সম্পৰ্কীয় ১৩১ সংখ্যক সাংবিধানিক সংশোধনী বিধেয়ক লোকসভাত গৃহীত নোহোৱাৰ পিছতে ৰাজনীতি তীব্ৰতৰ হৈ পৰিছে। শনিবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিৰোধী দলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাৰ পিছতে কংগ্ৰেছ দলে প্ৰত্যাক্ৰমণ কৰে।
আজি দলটোৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত কংগ্ৰেছৰ মুখপাত্ৰ সুপ্ৰিয়া শ্ৰীনাটে চৰকাৰক প্ৰশ্ন কৰে। তেওঁ প্ৰশ্ন কৰে যে চৰকাৰ যদি মহিলা সংৰক্ষণৰ পক্ষত আছে তেন্তে লোকসভাৰ ৫৪৩খন আসনৰ এক তৃতীয়াংশ অৰ্থাৎ ১৮১খন আসন মহিলাৰ বাবে কিয় সংৰক্ষিত নহয়?
মহিলা সংৰক্ষণ কাৰ্যকৰী কৰাৰ বাবে চৰকাৰে সদনত এখন বিধেয়ক উত্থাপন কৰিবলৈ আৰু কোনো চৰ্ত আৰোপ কৰিব নালাগে বুলি সমগ্ৰ বিৰোধীয়ে অহৰহ দাবী জনাই আহিছে। এই বিষয়ত চৰকাৰক সম্পূর্ণ সমৰ্থন দিবলৈ সাজু হৈছে বিৰোধী দল।
সুপ্ৰিয়া শ্ৰীনাটে কয় যে মহিলা সংৰক্ষণ বিধেয়ক কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত চৰকাৰে নিজেই বাধাৰ সৃষ্টি কৰিছে। ইতিমধ্যে বিধেয়কখন সংসদে গৃহীত কৰি সংবিধানৰ অংশ হৈ পৰিছে যদিও ইয়াৰ কাৰ্যকৰীকৰণত পলম হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ