ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ নৱগ্ৰামত ৰাজহুৱা সভা, তৃণমূলক বিদায় দিয়াৰ আহ্বান
মুৰ্ছিদাবাদ, ১৯ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰাকমুহূৰ্তত দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা মুৰ্ছিদাবাদত উপস্থিত হয় । নৱগ্ৰাম বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি (বিজেপি) প্ৰাৰ্থী দিলীপ সাহাৰ সমৰ্থনত আয়োজন ক
माणिक साहा मुर्शिदाबाद के सभा में


মুৰ্ছিদাবাদ, ১৯ এপ্ৰিল (হি.স.)। পশ্চিমবংগ বিধানসভাৰ নিৰ্বাচনী প্ৰচাৰৰ প্ৰাকমুহূৰ্তত দেওবাৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা মুৰ্ছিদাবাদত উপস্থিত হয় । নৱগ্ৰাম বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি (বিজেপি) প্ৰাৰ্থী দিলীপ সাহাৰ সমৰ্থনত আয়োজন কৰা বিজয় সংকল্প সভাত অংশগ্ৰহণ কৰে। নৱগ্ৰামৰ ভোলাদংগা ফুটবল খেলপথাৰত অনুষ্ঠিত সভাত বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু সমৰ্থকে অংশগ্ৰহণ কৰে।

সমাৱেশক সম্বোধন কৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্রীগৰাকীয়ে কয় যে নৱগ্রামে এইবাৰ বিজেপিক জয়ী হ’বলৈ আহ্বান জনাইছে৷ তেওঁ কয় যে আজি পশ্চিমবংগৰ নৱগ্ৰাম বিধানসভা সমষ্টিত বিজেপি প্ৰাৰ্থী দিলীপ সাহাৰ সমৰ্থনত এখন ৰাজহুৱা সভাত ভাষণ দিয়াৰ সুযোগ পালে।

তেওঁ কয় যে পশ্চিম বংগৰ জনসাধাৰণে পৰিৱৰ্তন বিচাৰে আৰু ই নৱগ্ৰামৰ পৰা আৰম্ভ হ’ব আৰু বিজেপিৰ জয় নিশ্চিত। বংগৰ নিপীড়নকাৰী তৃণমূল কংগ্ৰেছ চৰকাৰক বিদায় দি বিজেপিৰ নেতৃত্বত নতুন চৰকাৰ গঠন কৰাৰ সময় আহি পৰিছে বুলি ৰাইজক আহ্বান জনায়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande