
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে দেওবাৰে শ্ৰীলংকাৰ ৰাজধানী কলম্বোত উপস্থিত হয় । এয়া তেওঁৰ প্ৰথম আনুষ্ঠানিক দ্বিপাক্ষিক ভ্ৰমণ।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ তথ্য অনুসৰি বিমানবন্দৰত তেওঁক এক ভৱ্য আৰু পৰম্পৰাগত আদৰণি জনোৱা হয়। এই ভ্ৰমণ কূটনৈতিকভাৱে তাৎপৰ্যপূৰ্ণ। কলম্বোত উপস্থিত হোৱাৰ লগে লগে উপ-ৰাষ্ট্ৰপতিগৰাকীক শ্ৰীলংকাৰ জ্যেষ্ঠ বিষয়াসকলে আদৰণি জনায়। দুয়োখন দেশৰ মাজত থকা গভীৰ সাংস্কৃতিক আত্মীয়তাক প্ৰতিফলিত কৰি এটি বিখ্যাত পৰম্পৰাগত কাণ্ডিয়ান নৃত্য পৰিবেশন কৰা হয়।
দ্বিপাক্ষিক বৈঠকৰ সময়ত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ ডিছানায়াকে আৰু প্ৰধানমন্ত্ৰী ড০ হৰিনি অমৰাসুৰিয়াৰ লগতে অন্যান্য শীৰ্ষ নেতাৰ সৈতে উচ্চ পৰ্যায়ৰ আলোচনাত মিলিত হ’ব। তদুপৰি ভাৰত চৰকাৰৰ সহযোগত নিৰ্মিত ভাৰতীয় গৃহ নিৰ্মাণ প্ৰকল্পৰ তৃতীয় পৰ্যায়ৰ অধীনত নিৰ্মিত গৃহসমূহ আনুষ্ঠানিকভাৱে তামিল সম্প্ৰদায়ৰ সদস্যসকলৰ হাতত অৰ্পণ কৰা হ’ব।
ৰাধাকৃষ্ণনে ভাৰতীয় মূলৰ তামিল সম্প্ৰদায়ৰ নেতা আৰু উত্তৰ-পূব অঞ্চলৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰিব। কলম্বোত ভাৰতীয় প্ৰব্ৰজনকাৰীসকলকো সম্বোধন কৰিব। এই ভ্ৰমণৰ উদ্দেশ্য হৈছে দুয়োখন দেশৰ মাজত শতিকাজুৰি চলি অহা সভ্যতা আৰু জনসাধাৰণৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰা।
हिन्दुस्थान समाचार / অৰৱিন্দ