
বৰপেটা, ১৯ এপ্ৰিল (হি.স.)। বৰপেটাত গঢ় লৈ উঠা আন্ত:ৰাজ্যিক চাইবাৰ অপৰাধী চক্ৰৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান |
হাউলী আৰক্ষীৰ জালত পৰিল পুনৰ দুজন চাইবাৰ অপৰাধী | ধৃত দুই চাইবাৰ অপৰাধী হ'ল
হাউলীৰ খন্দকাৰপাৰা গাঁৱৰ আব্দুল আলিম আৰু মেহেৰুৰ ইছলাম |
হাউলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সত্যজিৎ বৰঠাকুৰৰ নেতৃত্বত বিশেষ সুত্ৰৰ পমখেদি হালাপাকুৰী মিলন বাজাৰৰ পৰা দুই চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে | চাইবাৰ অপৰাধী দুজনৰ পৰা এখন চাৰিচকীয়া বিলাসী বাহনৰ লগতে দুখন এয়াৰটেল পেমেণ্ট বেংকৰ ডেবিট কাৰ্ড সহ নগদ ৩৮৫২০ টকা জব্দ কৰে।
জব্দ কৰা বাহন খনৰ নম্বৰ হ'ল- এ এচ ০৯-জে -৪০৮০ । উল্লেখ্য যে এনেদৰে চাইবাৰ অপৰাধী দৈনিক বাঢ়ি যোৱাত সচেতন ৰাইজ চিন্তিত হৈ পৰিছে। জিলা খনৰ বিভিন্ন আৰক্ষী থানাত ইতিমধ্যে বহুতো গোচৰ ৰুজু হৈ আছে। এই ক্ষেত্ৰত অপৰাধ শাখাৰ জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ লগতে জেষ্ঠ আৰক্ষী অধীক্ষক পুস্কিন জৈনৰ তৎপৰতাত ইতিমধ্যে আৰক্ষীয়ে সোম আৰু মঙলবাৰে ১১ জন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিছিল ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা