আজি জীয়ৰী বিহু অথবা চেনেহী বিহু
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে ৰঙালী বিহু। আজি ৫ ব’হাগ, অসমীয়া নৱবৰ্ষৰ পঞ্চমটো দিন। পৰম্পৰা অনুসৰি ৫ ব’হাগত অসমবাসীয়ে ‘জীয়ৰী বিহু বিহু’ পালন কৰি আহিছে। ইয়াক চেনেহী বিহু বুলিও কোৱা
ৰঙালী  বিহু


গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি ৰঙালী বিহুৰ উখল-মাখল পৰিৱেশ। পৰম্পৰাগত ৰীতিৰে পালন কৰা হৈছে ৰঙালী বিহু। আজি ৫ ব’হাগ, অসমীয়া নৱবৰ্ষৰ পঞ্চমটো দিন। পৰম্পৰা অনুসৰি ৫ ব’হাগত অসমবাসীয়ে ‘জীয়ৰী বিহু বিহু’ পালন কৰি আহিছে। ইয়াক চেনেহী বিহু বুলিও কোৱা হয়। জীয়ৰী বিহু অথবা চেনেহী বিহুৰ এই দিনটোত বিবাহিতা জীয়াৰীসকল মাতৃগৃহলৈ অথৱা বায়েক-ভনীয়েকৰ ঘৰলৈ যোৱাৰ এক

পৰম্পৰা আছে ৷

স্বামী ঘৰৰ ব্যস্ততাৰপৰা আহৰি উলিয়াই আজিৰ দিনটোতে বোৱাৰী একোগৰাকী মাকৰ ঘৰলৈ যায়। সেয়ে কোৱা হয় জীয়ৰী বিহু। ঘৰৰ জীয়ৰী আহি ঘৰখন ভৰাই তোলে। আই-বোপাই, ককাই-ভাইৰ সৈতে বিহু উদযাপন কৰে। এই বিহুৰ পৰম্পৰাই আমাৰ অসমীয়া সমাজত নাৰীৰ উচ্চ স্থান আৰু মৰ্যদা সেয়াই প্ৰতিফলিত কৰে।

উল্লেখ্য যে ৰঙালী বিহু অথবা ব’হাগ বিহু উদযাপন কৰা হয় সাদিনীয়াকৈ ৷ চ’তৰ সংক্ৰান্তিৰ পৰা অসমীয়াই উদযাপন কৰে বাপতিসাহোন ৰঙালী বিহু ৷ সাতদিনীয়াকৈ পালন কৰা হেঁপাহৰ ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু উদযাপন কৰে চহা অসমীয়াই। সাতবিহুৰ প্ৰতিটো দিনৰে আছে সুকীয়া নাম, সুকীয়া বৈশিষ্ট্য ৷ এই সাতবিহু হ’ল – গৰু বিহু, মানুহ বিহু, গোসাঁই বিহু অথবা কুটুম বিহু, তাঁতৰ বিহু, নাঙলৰ বিহু, জীয়ৰী বিহু অথবা চেনেহী বিহু আৰু চেৰা বিহু ৷

---------------

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া


 rajesh pande