
বৰপেটা, ১৯ এপ্ৰিল (হি.স.)। বৰপেটাৰ বাঘবৰৰ মন্দিয়া আৰক্ষীৰ বৃহৎ সফলতা। মন্দিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মাইনা দাসৰ নেতৃত্বত কালি আবেলি গ্ৰেপ্তাৰ তিনিজনকৈ কুখ্যাত আই পি এল জুৱাৰী। মন্দিয়া আৰক্ষী চকীৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা জুৱাৰী কেইজন ক্ৰমে-সত্ৰকণৰা গাওঁৰ নেৱাজউদ্দিনৰ পুত্ৰ ছাইফুল ইছলাম,দক্ষিন শিতুলী গাওঁৰ বাৰেক খানৰ ৩৩ বছৰীয়া পুত্ৰ শ্বহিদুল খান আৰু মজিবৰ খানৰ ৩৮ বছৰীয়া পুত্ৰ ৰহিম খানৰ লগতে তেওঁলোকৰ পৰা ৪ টাকৈ মোৱাইল ফোনৰ লগতে ১১,২৫০টকা জব্দ কৰে আৰক্ষীয়ে।
ইতিমধ্যে জুৱাৰী কেইজনক জেল হাজতলৈ প্ৰেৰণ কৰে মন্দিয়া আৰক্ষীয়ে। সম্প্ৰতি মন্দিয়া,সত্ৰকণৰা,শিতুলী,বাঘবৰ,কলগাছিয়া,বামুনটাৰী আদি কৰি মন্দিয়াৰ বিভিন্ন প্ৰান্তত গা কৰি উঠিছে আই পি এল জুৱাৰী। মন্দিয়াৰ বিভিন্ন প্ৰান্তত আই পি এল জুৱাৰ সৈতে জড়িত হৈ আছে জনৈক ছানিদুল,জনৈক ছবুৰ,জনৈক আয়ুৱ,জনৈক ৰফিকুল,জনৈক ফজল,জনৈক ৰবিয়ালৰ লগতে বহু কেইজন জুৱাৰী। এই সকল জুৱাৰীৰ নেতৃত্বত মন্দিয়াৰ বিভিন্ন প্ৰান্তত চলি আছে অবৈধ আই পি এল জুৱাখেল।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ