চতিয়াত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা চোৰ অৱশেষত আৰক্ষীৰ জালত
নগাঁও, ১৯ এপ্ৰিল (হি.স.)। চতিয়াত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা চুৰ অৱশেষত আৰক্ষীৰ জালত৷ চতিয়াৰ বালিকা মজলীয়া বিদ্যালয়ত ৰখা হৈছিল চতিয়া পৌৰসভাৰ জাৱৰ নিস্কাষণৰ বাহন৷ বহাগ মাহৰ প্ৰথম দিনা পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে বাহনখনৰ পৰা বেটাৰীটো নথকা প্ৰত্যক্ষ কৰি
চতিয়াত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা চোৰ অৱশেষত আৰক্ষীৰ জালত


নগাঁও, ১৯ এপ্ৰিল (হি.স.)। চতিয়াত বিভিন্ন সময়ত সন্ত্ৰাস চলোৱা চুৰ অৱশেষত আৰক্ষীৰ জালত৷ চতিয়াৰ বালিকা মজলীয়া বিদ্যালয়ত ৰখা হৈছিল চতিয়া পৌৰসভাৰ জাৱৰ নিস্কাষণৰ বাহন৷ বহাগ মাহৰ প্ৰথম দিনা পৌৰসভাৰ এগৰাকী কৰ্মচাৰীয়ে বাহনখনৰ পৰা বেটাৰীটো নথকা প্ৰত্যক্ষ কৰি পৌৰসভাৰ কতৃপক্ষক অৱগত কৰে৷

বাহনৰ বেটাৰী চুৰি হোৱাৰ বাবে ইতিমধ্যে অনুসন্ধান আৰম্ভ হৈছিল যদিও বাহনখন ৰখা স্থানত আছিল চেম্পিয়ন মেকাৰ্চ একাডেমীৰ এটা চি চি টি ভি কেমেৰা৷ সেই কেমেৰাতে আবদ্ধ হৈছিল চুৰিকাণ্ডৰ সকলো দৃশ্যাংশ৷ চি চি টি ভিৰ ফুটেজৰ পৰাই ওলাই পৰিল বহাগ মাহৰ প্ৰথম দিনা পৌৰসভাৰ বাহনৰ দুই বেটাৰী চোৰ৷ইতিমধ্যে চতিয়া আৰক্ষীৰ থানাৰ এচ আই অনু মেছে অভিযান চলাই পুৱ মালৰ গাঁৱৰ ৰমজান আলি আৰু ইনতাজ আলি নামৰ দুই গভাইত চুৰক কৰায়ত্ত কৰে৷ দুই চোৰে চুৰি কৰা বেটাৰীটো দক্ষিণ চতিয়াৰ কৰৈয়নীৰ এখন কাৱাৰীৰ পৰা উদ্ধাৰ কৰে আৰু চোৰ সহ কাৱাৰী অলাকো জেল হাজোত লৈ প্ৰেৰণ কৰে৷

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande