
গোলাঘাট, ১৯ এপ্ৰিল (হি.স.)। সৰুপথাৰৰ সমাজকৰ্মী অমৃত কুমাৰ বুঢ়াগোঁহাইৰ মহানুভৱতা। অমৃত ফাউণ্ডেচন ট্ৰাষ্টৰ উদ্যোগত চাৰিখন পঞ্চায়তৰ ৰাইজৰ সুবিধাৰ্থে প্ৰদান কৰিলে দুখনকৈ এম্বুলেঞ্চ।
ৰাইজক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি টেঙানী-চাংপুল পঞ্চায়তৰ বাবে এখন আৰু গেলাবিল-প্ৰেমহৰা পঞ্চায়তৰ বাবে এখন এম্বুলেঞ্চ অমৃত বুঢ়াগোঁহাইৰ মাতৃ স্বৰ্গীয় ভোগদা বৰা বুঢ়াগোঁহাইৰ সোঁৱৰণত প্ৰদান কৰে। ইয়াৰ লগতে আজিৰ কাৰ্যসূচীত বৰপথাৰৰ বিশিষ্ট চিকিৎসক ড° হিৰণ শৰ্মাক চিকিৎসা বিভাগত নিৰন্তৰ সেৱা আগবঢ়াই অহাৰ স্বীকৃতি স্বৰূপে সমাজকৰ্মী অমৃত কুমাৰ বুঢ়াগোঁহাইয়ে বিশেষ সম্বৰ্ধনা আগবঢ়াই।
অন্যহাতে ইয়াৰ আগতেও দুখনকৈ এম্বুলেঞ্চ প্ৰদান কৰিছিল অমৃত বুঢ়াগোঁহাইয়ে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা