ৰঙিয়া তুলসীবাৰীত চোৰে চলালে চাফাই অভিযান
কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া।কালি নিশা ৰঙিয়া তুলসীবাৰীত চোৰে চলালে চাফাই অভিযান।নিশাৰ অন্ধকাৰত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে লুটি লৈ গ''ল নগদ ধন সহ দোকানৰ সামগ্ৰী।তুলসীবাৰ
ৰঙিয়া তুলসীবাৰীত চোৰে চলালে চাফাই অভিযান


কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। দৈনিক এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনাই জোকাৰিছে এতিয়া সমগ্ৰ ৰঙিয়া।কালি নিশা ৰঙিয়া তুলসীবাৰীত চোৰে চলালে চাফাই অভিযান।নিশাৰ অন্ধকাৰত স্থানীয় ব্যৱসায়িক প্ৰতিষ্ঠানত চোৰে লুটি লৈ গ'ল নগদ ধন সহ দোকানৰ সামগ্ৰী।তুলসীবাৰী বজাৰস্থিত জন্টু বণিক নামৰ ব্যৱসায়ী জনৰ প্ৰতিষ্ঠানত সংঘটিত হয় এই চুৰিকাৰ্য্যৰ ঘটনা।

আজি পুৱাৰ ভাগত গৰাকীয়ে ব্যৱসায়িক প্ৰতিষ্ঠানত উপস্থিত হৈ সমগ্ৰ ঘটনা প্ৰত্যক্ষ কৰি হৈ চৈ লগাই ।তুলসীবাৰী আৰক্ষী চকীৰ সমীপতে অৱস্থিত ব্যৱসায়িক প্ৰতিষ্ঠানখনৰ পৰা চোৰে নগদ ধন সহ প্ৰায় আশী হাজাৰ টকা মূল্যৰ সামগ্ৰী লুটি লৈ যায়।ইতিমধ্যে ঘটনা স্থলীত তুলসীবাৰী আৰক্ষী উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে। উল্লেখযোগ্য যে ৰঙিয়াত প্ৰায়ে সংঘটিত হৈ আহিছে এটাৰ পিছত এটাকৈ চুৰি কাৰ্য্যৰ ঘটনা যাৰ বাবে চিন্তিত হৈ পৰিছে ৰঙিয়াবাসী।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande