লংকাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন
হোজাই, ১৯ এপ্ৰিল (হি.স.)। লংকাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন। এইবেলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন অনুষ্টুপিয়াকৈ বিহু উদযাপন কৰিছে লংকা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে। আজি পুৱা বিহু পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে উদযাপন সমিতিয়ে।
লংকাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন


হোজাই, ১৯ এপ্ৰিল (হি.স.)। লংকাত কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন উদযাপন। এইবেলি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ বিহীন অনুষ্টুপিয়াকৈ বিহু উদযাপন কৰিছে লংকা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে। আজি পুৱা বিহু পতাকা উত্তোলনৰে কাৰ্যসূচী আৰম্ভ কৰে উদযাপন সমিতিয়ে। ইয়াৰ পিছতেই শ্বহীদ তৰ্পণৰ লগতে মায়াবিনী গীতেৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে লংকা কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে।

আনহাতে সমাজৰ বিশিষ্ট ব্যক্তি সকলক বিহুৱানেৰে সম্বৰ্ধনা জনোৱাৰ লগতে কৰ্মশালাৰ প্ৰশিক্ষাৰ্থী সকলৰ দ্বাৰা বিহু নাচ, হুঁচৰি প্ৰদৰ্শনৰ লগতে আমন্ত্ৰিত বিহু দলৰ বিহু প্ৰদৰ্শন কৰা হয়।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande