
নলবাৰী, ১৯ এপ্ৰিল (হি.স.)। প্ৰতি বছৰৰ দৰে এইবেলিও নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দৌলাশাল আঞ্চলিক বিহু সন্মিলনৰ উদ্যোগত ১,২ আৰু ৪ বহাগত তিনিদিনীয়াকৈ ৪০ সংখ্যক ৰঙালী বিহু উদযাপন কৰা হয় । দৌলাশাল হৰি মন্দিৰ প্ৰাংগণত অনুষ্ঠিত ৰঙালী বিহুৰ কাৰ্যসূচী অনুসৰি কালি অনুষ্ঠিত হয় মুকলি বিহু প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান ৷
কালি বিয়লি অনুষ্ঠিত মুকলি বিহু হুঁচৰি প্ৰতিযোগিতা উদ্বোধন কৰে গুৱাহাটী বি. বৰুৱা মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ সহঃ অধ্যাপক ডঃ সমীক বেনাৰ্জীয়ে । মাজনিশালৈকে মুকলি বিহু হুঁচৰি প্ৰতিযোগিতাত ৰাজ্য খনৰ কেইবাটাও আগশাৰীৰ বিহুৱা দলে অংশগ্ৰহণ কৰি বিহু প্ৰদৰ্শন কৰে ৷ নিশা সাংস্কৃতিক অনুষ্ঠানত গীত পৰিবেশন কৰে আমেৰিকা-জাপানত ; ঘূৰি ফুৰোঁ সপোনত শীৰ্ষক গীতৰ স্ৰষ্টা যুৱ কণ্ঠশিল্পী ৰিংকু প্ৰিয়ম আৰু হিমাশ্ৰী নাথে । বিহুৰ এই অনুষ্ঠানতে অসমীয়াৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আৰু সুধাকণ্ঠ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে দৌলাশাল আঞ্চলিক বিহু সন্মিলনে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ