
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। প্ৰখ্যাত চিন্তাবিদ, লেখক আৰু প্ৰাক্তন সাংসদ বলবীৰ পুঞ্জৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই প্ৰয়াত জনলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সংঘই কয় যে তেওঁৰ মৃত্যুৰ ফলত দেশৰ জনজীৱনৰ অপূৰণীয় ক্ষতি হৈছে।
আৰ এছ এছৰ সৰকাৰ্যৱাহ দত্তত্ৰেয় হোছাবালেই কয় যে দীৰ্ঘদিনীয়া ৰাজহুৱা জীৱনত বলবীৰ পুঞ্জে গভীৰ অধ্যয়ন, স্পষ্ট চিন্তন আৰু দায়িত্বশীল প্ৰকাশৰ জৰিয়তে সমাজখনক পথ প্ৰদৰ্শন কৰিবলৈ কাম কৰিছিল। সমসাময়িক বিষয়ত তেওঁৰ লেখাবোৰ সদায় গুৰুত্ব আৰু প্ৰামাণ্যতাৰে চোৱা হৈছিল। তেওঁ প্ৰয়াত পুঞ্জৰ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি এই কঠিন সময়ত শোকসন্তপ্ত পৰিয়াল, বন্ধু-বান্ধৱী, শুভাকাংক্ষীসকলক ধৈৰ্য্য আৰু শক্তিৰ কামনা কৰে।
উল্লেখযোগ্য যে বলবীৰ পুঞ্জ ভাৰতীয় জনতা পাৰ্টিৰ এজন জ্যেষ্ঠ নেতা, প্ৰখ্যাত সাংবাদিক, স্তম্ভলেখক আছিল। বিজেপিৰ অন্যতম বিশিষ্ট নেতা বুলি গণ্য কৰা বলবীৰ পুঞ্জে দলটোৰ উপ-সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। যুৱ অৱস্থাত তেওঁ আৰ এছ এছত যোগদান কৰিছিল। ১৯৭১ চনত সাংবাদিকতা আৰম্ভ কৰা তেখেতৰ জীৱন অতিশয় আকৰ্ষণীয়। পুঞ্জ দুবাৰকৈ ৰাজ্যসভাৰ সদস্য আছিল, প্ৰথমে উত্তৰ প্ৰদেশৰ পৰা (২০০০ৰ পৰা ২০০৬) আৰু তাৰ পিছত ওড়িশাৰ পৰা (২০০৮ৰ পৰা ২০১৪লৈ)। কেন্দ্ৰীয় চৰকাৰত ৰাজ্যিক মন্ত্ৰীৰ মৰ্যাদা লাভ কৰা ৰাষ্ট্ৰীয় যুৱ আয়োগ (নেচনেল ইউথ কমিছন ফৰ ইউথ)ৰ অধ্যক্ষ হিচাপেও তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া