
কামৰূপ, ১৯ এপ্ৰিল (হি.স.)। ৰঙিয়া ষ্টেচনত বৃহৎ পৰিমাণৰ জাল নোটসহ আটক বহিঃৰাজ্যৰ দুই যুৱক। অপৰাধীৰ ৰম্যভূমিত পৰিণত ৰঙিয়া ষ্টেচনত আজি দিনৰ ভাগত চলোৱা অভিযানত বৃহৎ পৰিমাণৰ জালনোট সহ দুজন সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়।
নতুন দিল্লীৰ ফৰিদাবাদৰ আৰমান আৰু ৰবিন নামৰ দুই যুৱকে নামনিমুৱা দেওঘৰ আগৰতলা এক্সপ্ৰেছ যোগে ৪,০৫,৫০০ টকাৰ জাল নোট সৰবৰাহ কৰাৰ সময়তে হাতে লোটে আটক হয় । গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বৃহৎ পৰিমাণৰ জালনোটসহ আটকাধীন দুই সৰবৰাহকাৰীক
সম্প্ৰতি অধিক তথ্যৰ বাবে ৰেল আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা