গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহুৰ আজি শেষৰ দিন
তামুলপুৰ, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ আনন্দ । ঢোলৰ গুমগুমনিয়ে কঁপাইছে ৰাজ্যৰ আকাশ-বতাহ এতিয়া ৰঙালীৰ ৰঙেৰে বিলীন।তেনে সময়তে তামুলপুৰৰ জিলাৰ গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে । অসমৰ স
গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহুৰ আজি শেষৰ দিন


তামুলপুৰ, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যৰ চৌদিশে এতিয়া ৰঙালীৰ আনন্দ । ঢোলৰ গুমগুমনিয়ে কঁপাইছে ৰাজ্যৰ আকাশ-বতাহ এতিয়া ৰঙালীৰ ৰঙেৰে বিলীন।তেনে সময়তে তামুলপুৰৰ জিলাৰ গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহু সন্মিলনখনিয়ে এইবাৰ সোণালী জয়ন্তী বৰ্ষত ভৰি দিলে । অসমৰ সাংস্কৃতিক পৰম্পৰাৰ এক অত্যন্ত গৌৰৱোজ্জ্বল অধ্যায় হৈছে ৫০ বছৰীয়া এই গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহু।

পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা গান্ধীবাৰী আঞ্চলিক ৰঙালী বিহুৰ আজি শেষৰ দিন। শেষৰ দিনটোত সোণালী জয়ন্তী বৰ্ষ উপলক্ষে এটি বাৰেবৰণীয়া বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয় । অসমৰ নাট্য জগতৰ বলিষ্ঠ অভিনেতা চম্পক শৰ্মা , বড়ো অভিনেত্ৰী হেলেনা দৈমাৰী আৰু নিলিখ বড়ো ছাত্ৰ সন্থাৰ সভাপতি খৌৰমদাও ওৱাৰীয়ে উদ্ধোধন কৰা সাংস্কৃতিক শোভাযাত্ৰাত অসমীয়া জাতীয় কৃষ্টি সংস্কৃতিৰ তুলি ধৰাৰ লগতে কোঁচ ৰাজবংশী,নেপালী, বড়ো, আদিবাসী আদি অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সমহাৰ দেখিবলৈ পোৱা গৈছে ।গান্ধীবাৰী অঞ্চলৰ ৰাইজে অংশগ্ৰহণ কৰা এই সাংস্কৃতিক শোভাযাত্ৰাই মুহিত কৰি সমগ্ৰ গান্ধীবাৰী অঞ্চলক।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande