
ওদালগুৰি, ১৯ এপ্ৰিল (হি.স.)। আজিৰে পৰা আৰম্ভ হৈছে ৪৬ সংখ্যক কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনী। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে এই বিহু সন্মিলন। আজি প্ৰথম দিনা স্মৃতি তৰ্পণ আৰু মূল পতাকা উত্তোলনৰ মাধ্যমেৰে শুভাৰম্ভ কৰা হয় অনুষ্ঠানৰ।
অসমৰ জাতীয় উৎসৱ ৰঙালী বিহুক আদৰিবলৈ সাজু হৈছে কলাইগাঁওবাসী। আজিৰে পৰা আৰম্ভ হোৱা ৪৬ সংখ্যক কলাইগাঁও কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীত অঞ্চলজুৰি দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা।তিনিদিনীয়া এই বিহু সন্মিলনীৰ প্ৰথম দিনা পুৱাৰে পৰা বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰথমে স্মৃতি তৰ্পণ অনুষ্ঠানৰ জৰিয়তে পূৰ্বজসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তাৰ পিছতে মূল পতাকা উত্তোলন কৰি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয় বিহু সন্মিলনীৰ।বিহুৰ পৰৱৰ্তী দিনসমূহতো থাকিব বিভিন্ন সাংস্কৃতিক অনুষ্ঠান, খেল-ধেমালি, প্ৰতিযোগিতা আৰু সমাজিক সম্প্ৰীতিৰ কাৰ্যসূচী। উল্লেখযোগ্য যে, জুবিন গাৰ্গ বিহীন এইবাৰৰ বিহু সন্মিলনীৰ অন্তিম দিনৰ সাংস্কৃতিক সন্ধিয়াত উপস্থিত থাকিব জনপ্ৰিয় কণ্ঠশিল্পী মৌচম গগৈ।আয়োজক সমিতিয়ে জানিবলৈ দিয়া মতে, এই বিহু সন্মিলনীৰ মূল লক্ষ্য হৈছে অসমীয়া সংস্কৃতিৰ সংৰক্ষণৰ লগতে নতুন প্ৰজন্মক নিজৰ ঐতিহ্যৰ সৈতে সংযোগ স্থাপন কৰা।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ