প্ৰধানমন্ত্ৰী মোদীৰ পৱন কল্যাণৰ স্বাস্থ্য সন্দৰ্ভত খা–খৱৰ, তেওঁৰ আশু আৰোগ্য কামনা
নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পৱন কল্যাণ অতি সাহসী আৰু তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব বুলি
पंतप्रधान नरेंद्र मोदी


নতুন দিল্লী, ১৯ এপ্ৰিল (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অন্ধ্ৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ সৈতে বাৰ্তালাপ কৰি তেওঁৰ স্বাস্থ্যৰ বিষয়ে সোধা-পোছা কৰে। প্ৰধানমন্ত্ৰীয়ে কয় যে পৱন কল্যাণ অতি সাহসী আৰু তেওঁ অতি সোনকালে সুস্থ হৈ উঠিব বুলি আত্মবিশ্বাসী। লগতে তেওঁৰ শীঘ্ৰে আশু আৰোগ্য কামনা কৰে।

টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয় যে পৱন কল্যাণৰ সৈতে তেওঁৰ স্বাস্থ্যৰ বিষয়ে খা–খৱৰ লোৱাৰ লগতে তেওঁৰ সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা কৰে । উল্লেখযোগ্য যে অন্ধ্ৰ প্ৰদেশৰ অভিনেতা তথা উপ-মুখ্যমন্ত্ৰী পৱন কল্যাণৰ স্বাস্থ্যৰ হঠাৎ অৱনতি ঘটাত শনিবাৰে অস্ত্ৰোপচাৰ কৰা হয়। যোৱা কেইমাহমানৰ পৰা তেওঁৰ অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে । জনসেনা পাৰ্টিৰ তথ্য অনুসৰি শুকুৰবাৰে আনুষ্ঠানিক বৈঠকৰ সময়ত তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটে, তাৰ পিছত তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । চিকিৎসা পৰীক্ষা আৰু এম আৰ আই স্কেনৰ অন্তত অপাৰেচন কৰা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande