
গুৱাহাটী, ১৯ এপ্ৰিল (হি.স.)। ক্ষেত্ৰীৰ ডিমৰীয়া মহাবিদ্যালয় খেলপথাৰত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ । জুবিন গাৰ্গৰ সান্নিধ্যৰ কথা সুঁৱৰি আৱেগিক পদ্মশ্ৰী পখিলা লেকথেপী। নাগালেণ্ডৰ ৰেংমা জনগোষ্ঠীয় নৃত্য দেখি আপ্লুত দৰ্শক। ক্ষেত্ৰীৰ বহুব্ৰীহি গোষ্ঠীয়ে শনিবাৰে আয়োজন কৰা মুকলি বিহুত অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ।
ঝুমুৰ, বড়ো, বিহু, লালিলাং, কাৰ্বি নৃত্যকে ধৰি নগালেণ্ডৰ পৰা বিশেষভাৱে আমন্ত্ৰণ জনোৱা ৰেংমা জনগোষ্ঠীয় নৃত্যৰ সমাহাৰ ঘটিল এই মুকলি বিহুৰ কাৰ্যসূচীত। পদ্মশ্ৰী বঁটাপ্ৰাপক লোকশিল্পী পখিলা লেকথেপী বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা এই জনগোষ্ঠীয় নৃত্য সমাৰোহ উপভোগৰ বাবে ডিমৰীয়াৰ সহস্ৰাধিক লোক ক'লামণি বাকৰিত উপস্থিত হৈ এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা