
শিৱসাগৰ, ১৯ এপ্ৰিল (হি.স.)। মিষ্টাৰ ইণ্ডিয়া-২০২৬ খিতাপ অৰ্জন কৰি শিৱসাগৰ তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে এজন যুৱকে। ইণ্ডিয়ান বডি বিল্ডিং আৰু ফিটনেছ ফেডাৰেশ্যনৰ উদ্যোগত আয়োজিত ১৯ সংখ্যক ছিনিয়ৰ সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতাত মিষ্টাৰ ইণ্ডিয়া-২০২৬ খিতাপ অৰ্জন পৰিতোষ ৰয়ৰ।
শিৱসাগৰৰ পৰিতোষ ৰয়ে মিষ্টাৰ ইণ্ডিয়াৰ খিতাপ অৰ্জন কৰাৰ পাছতে শিৱসাগৰ ফিট হাবে জনাই উষ্ম আদৰণি। সৰ্বভাৰতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতা খন এইবাৰ অনুষ্ঠিত হৈছিল বিহাৰৰ গ'য়াত। দেশৰ বিভিন্ন প্ৰান্তৰ শৰীৰচৰ্চাবিদ সকলে অংগ্ৰহণ কৰা প্ৰতিযোগিতাত পৰিতোষ ৰয়ে অৰ্জন কৰা সফলতাত উৎফুল্লিত শিৱসাগৰীয়া ৰাইজ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ