হাটশিঙিমাৰীৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনীৰ অভিযানত ২১টা পশুধন উদ্ধাৰ
দক্ষিণ শালমাৰা, ১৯ এপ্ৰিল (হি.স.)। ভাৰত বাংলাদেশ সীমান্তবৰ্তী হাটশিঙিমাৰীৰ সুখচৰৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত ২১টা পশুধন উদ্ধাৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী সুখচৰ থানা অন্তৰ্গত বিভিন্ন
হাটশিঙিমাৰীৰ বিভিন্ন প্ৰান্তত নিৰাপত্তা বাহিনীৰ অভিযানত ২১টা পশুধন উদ্ধাৰ


দক্ষিণ শালমাৰা, ১৯ এপ্ৰিল (হি.স.)। ভাৰত বাংলাদেশ সীমান্তবৰ্তী হাটশিঙিমাৰীৰ সুখচৰৰ বিভিন্ন প্ৰান্তত আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীৰ অভিযানত ২১টা পশুধন উদ্ধাৰ। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তবৰ্তী সুখচৰ থানা অন্তৰ্গত বিভিন্ন ,স্থানত শনিবাৰৰ সন্ধিয়া সুখচৰ থানাৰ আৰক্ষীয়ে চোৰাং পশুধন সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলায়।

আৰক্ষীৰ অভিযানত ৮ টা মহ আৰু ৬ টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে সুখচৰ থানাৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ মহামায়া চৰত ১৫০ বি এন বি এছ এফৰ জোৱানে অভিযান চলাই ৭টা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। চোৰাং গৰু সৰবাহকাৰীৰ দলে সীমান্ত সুৰক্ষা বাহিনীৰ উমান পাই ঘটনাস্থলীৰ পৰা পলাবলৈ সক্ষম হয়।

সীমান্ত সুৰক্ষা বাহিনীয়ে জব্দ কৰা পশুধন সমুহ আজি সুখচৰ আৰক্ষীক গতাই দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande