মঙলদৈৰ মাজগাৱত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে বিহু
দৰং, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ আনন্দ উছাহ । অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে বিহু । বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোক সকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়
মঙলদৈৰ মাজগাৱত বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে বিহু


দৰং, ১৯ এপ্ৰিল (হি.স.)। ৰাজ্যজুৰি অব্যাহত আছে ৰঙালীৰ আনন্দ উছাহ । অসমত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীয়ে নিজ নিজ ধৰণে সুন্দৰকৈ পালন কৰিছে বিহু । বিশেষকৈ বড়ো সম্প্ৰদায়ৰ লোক সকলেও ৰংজালী বৈশাগু উপলক্ষে ঘৰে ঘৰে গৈ গৃহস্থৰ কুশল মঙ্গলৰ বাবে আশীৰ্বাদ দিয়াৰ যি পৰম্পৰা সেয়া পালন কৰিছে ।

মঙলদৈৰ মাজগাৱতো দেখা গল এই সুন্দৰ পৰিবেশ । দৰং -ওদালগুৰি সীমামুৰীয়া এই গাওঁ খনৰ প্ৰায় শতাধিক পুৰুষ মহিলা ওলাই আহি গাঁও খনৰ ইমূৰৰ পৰা সিমূৰলৈ ঘৰে ঘৰে গৈ আশীৰ্বাদ দি সকলোৰে কুশল মঙ্গল কামনা কৰে। লগতে বড়ো সম্প্ৰদায়ৰ কৃষ্টি-সংস্কৃতি, ৰীতি-নীতিৰ লগত নতুন প্ৰজন্মক চিনাকী কৰি দিয়ে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande