
মৰিগাঁও , ১৯ এপ্ৰিল (হি.স.)। ঐতিহাসিক মায়ঙৰ ৩৫৮ সংখ্যক গোসাঁই উলিওৱা মেলা আৰু গড়ভঙা উৎসৱৰ আজি দ্বিতীয় দিন। ৰজা মায়ঙৰ ৰজাৰ ৰাজচৰাৰ পৰা ঐতিহাসিক মায়ঙৰ পৰম্পৰাগত ৰজা আৰু ৰাজ পাৰিষদ বৰ্গৰ উপস্থিতিত পঞ্চ গোসাঁই ক শোভাযাত্ৰা কৰি হাতী মূৰীয়াৰ বামুণ গোসাঁই থানলৈ আদৰি নিয়ে।
এই উৎসৱৰ যথেষ্ট তাত্পৰ্য আছে।লোক বিশ্বাস আছে।পৰম্পৰা ৰক্ষা কৰি এই উৎসৱ প্ৰতি বছৰে উলহ মালহেৰে উদযাপন কৰি আহিছে।আজি ঐতিহাসিক ৰাজদৰবাৰত শোভাযাত্ৰাৰ আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে পবিতৰাৰ বনাঞ্চলিক বিষয়া উজ্জ্বল বৰুৱাই।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা